পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৩ ]


৩,৪ টা মানুহৰ প্ৰবেশ, আৰু মা, নিৰঞ্জনক বান্ধিবৰ চেষ্টা; মা, নিৰণৰ আজোৰা-আজুৰি।

 মালতী—বান্ধ! বান্ধ! বান্ধ! মোৰ ওচৰলৈ আহি নিদিবি।

 টকৰু—আৰু কোন আছ আহ হক! ভূতে পাইছে দেখি বৰকৈ বল বাঢ়িছে।

 তৰা—আইঔ! চোৱাঁ চোন, তেওঁৰ মুখখন কেনে সেতা পড়ি গৈছে!

 মা নিৰণ—ক তহঁতে মোক বধ কৰিব খুজিছ নে কি? কাটোৱাল মই তোৰ হাতত বন্দী, তই আগতে থাকি তোৰ আগৰ পৰা মোকলৈ যাবলৈ দিয় নে?

 কোটোৱাল— তোমালোকে তেওঁক এডি দিয়া; তেওঁ মোৰ হাতত বন্দী। তোমালোকে তেওঁক নিব নোৱাৰা।

 টকৰু—যা, তাকো বান্ধ গৈ, তাকো ভূতে পাইছে।

কলিমনক বান্ধিবৰ চেষ্টা।

 মালতী—কুৰবুধীয়া কোটোৱাল, কি কৰিব খুজিছ? বিপদত পৰি এজন দুৰ্কপলীয়া মানুহে আপোনাৰ মঙ্গহ আপুনি খোৱা দেখি ভাল পা নে কি?

 কোটোৱাল—তেওঁ যেতিয়া মোৰ হাতত বন্দী; তেওঁক এড়ি দিলে তেওঁ দিব লগীয়া ধন মই হে ভৰিব লাগিব। মই এডি দিব নোৱাৰোঁ।