তৰা—ময়েই ধনৰ মোনাটো উলিয়াই আনিছিলোঁ। নহয়; আৰু মোৰ আগতে বাইদেৱে তাৰ হাতত দিছে নহয়।
কা, কলি—ইঃ ৰাম ৰাম! ঈশ্বৰে আৰু জৰী-বতা মানুহটোৱেই জানে নহয়।
টকৰু—আই, গিৰীহঁত-লগুৱা দুইকো ভূতে পাইছে। তেওঁবিলাকৰ মুখ সেতা দেখিয়েই মই চিনি পাইছোঁ। দুইকো ধৰি বান্ধি এন্ধাৰ ঘৰ এটাত হে থবগৈ লাগিল।
মা, নিৰণ—(মালতীলৈ চাই) বাৰু ক চোন, আজি নো মোক ঘৰৰ ভিতৰলৈ সোমাব নিদি দুৱাৰ মাৰি কিয় থৈছিলি? (কলিমনলৈ চাই) আৰু কলিমন ক চোন, তই নো ধনৰ মোনাটো নাই অনা বুলি কিয় ক?
মালতী—নহয়, ডাঙ্গৰীয়া, মই আপনাক বাহিৰত থৈ দুৱাৰ মৰা নাই।
মা, কলি—দেউতা! মই ধন নাই অনা; কিন্তু তত দুৱাৰ মাৰি থৈছিল; মই শপত খাই কব পাৰোঁ।
মালতী—দুষ্ট গোলাম! তোৰ দুইটা কথা মিছা।
মা, নিৰণ—বেটী ব্যভিচাৰিণী! তই সকলো কথাতে অবিশ্বাসী। এই পাষণ্ড মখাৰে মন্ত্ৰণা কৰি মোক লোকহাঁহিয়াত কৰিছ। মোক বলিয়া পাতি ৰঙ্গ চোৱা তোৰ ধেন্দেলা চকু দুটা এই নখেৰেই ঘূকিম।