পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )

ৰক্ষাময় পাইবোহো আজি কোন মত।
চিন্তান্বিত হুয়া বাঘে গুণয় মনত॥
পৰিলোহো ময় আজি কালৰ হাতত।
বিধি লেখিলেক এই দৰে কপালত॥
এইদৰে বনপতি আছে খেদ কৰি।
চাৰি চোৰে বান্ধি লৈলা জৰপুৰ কৰি॥
ঘোড়াৰ ডিঙ্গিৰ ৰচি সোলোকায় আনি।
বাঘৰ টেতুত লেজ বান্ধিলেক টানি॥
তিনি জন চোৰ ভৈলা তাৰ কাষৰত।
এক জন উঠিলেক পিঠিৰ ওপৰত॥
বিচুৰ্ত্তি ভৈলেক বাঘ মৰণ সমান।
এহেন বিপদে কোনে কৰিবেক ত্ৰান॥
ঘোড়াক আনিছো বুলি চোৰে ৰঙ্গমনে।
আলচ পিলচ কৰে ইজনে সিজনে॥
ঘোড়াক বেচিয়া আমি বহুধন পাম।
কানীক আনিয়া কিনি মহাসুখে খাম॥
চাৰিয়ো চোৰৰ পাৰ নায় আনন্দৰ।
আত অনন্তৰে ভৈলা ৰজনী পোহৰ॥
ঘোড়া নহয় বাঘ দেখিলে যেবে চোৰে।
কি আনিলো বুলিয়া সবাৰ চুৰ্ত্তি হৰে॥
আতুৰ হইয়া সবে দিলেক লৱৰ।
প্ৰাণ লৈয়া লৰিলেক নাহিকে ভাগৰ॥
হুল জোঙ্গ খাল বাম একোকে নগণে॥
পুনু আহি বাঘে ধৰে এই শঙ্কা মনে॥