এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় পট।
(গাঁৱলীয়া খালবাট)।
১ম, গঞা।— (প্ৰৱেশ) উঃ, এনে জয়াৰ ঠাই দেও! গোটেইখন নিজান- নিটাল। কেনিও দেউ-মনিচ্ এটি দেখিবলৈ নাই। এই নেসেনা বাটেদি অকলে অহাটো ভাল হোৱা নাই একা। কাকো লগ-ভাগ লবলৈকো নহল। কি কৰিম, সিজনীয়ে আকৌ তত্ দিলেহে! ইঃ, গাটো জিকাৰি উঠেচোন! কি কৰোঁ। আগলৈ চালেও মৰোঁ, পিচলৈ চালেও ডৰোঁ।
২য়, গঞা।—(প্ৰৱেশ), সেইটি মঘুৱা ককাই নে? কলৈ যা, ককাইটি।
১ম,।—মনতে। উঃ ৰইখা পালোঁ দেও। (ফুটাই) হয় ভাইটি, তহঁতৰ গাঁৱলৈকে বুলি আহি আছোঁ।
২য়,।—সকাম?
১ম,।—এ, কিনো কম বুপাই! মোৰ লৰাটিৰ টান নৰিয়া। আজি দুদিনমানৰপৰা যোৱা-থোৱা। কালি দুপৰীয়া বাজলৈকে উলিয়াইছিলোঁ!
২য়,।—পিচে?
১ম,।—পিচে, সেই দৰেই আছে। আজি পুৱা মঙ্গলতীয়ে কৈছেহি, বোলে জলশাই ডাঙৰীয়াৰ দোষ লাগিছে। সেই দেখি, ভকতক চাউল