জালোৱা।— ককাইটিঔ, পাইছিলহি আচলটোৱেই! জাল-জৰি পোই কথমপি হে সাৰি আহিছোঁ। ৰবি, ৰবি।
হালোৱা।— ৰৈছোঁ,ক, কচোন, কি নো সেইটো।
জালোৱা।— আচলটোৱেই ককাই। জলবাঁক্ সেইটো! ঔ আই! তাৰ দাঁত আৰু নখ কেচটা! মোৰ পিচে পিচে আহিয়েই আছে হব পায়! (উচাপ্ খাই উঠে)।
হালোৱা।— হয় নে কি? সি মায়াপী হৈ আহি আছে হব পায়! মোৰ গাটোচোন কেনেবা কেনেবা লাগি গৈছে! হেৰ, কৰোঁ কি? কলৈ যাওঁ? কি কৰোঁ এতিয়া! কেনি পলাওঁহঁক। (কানৰ নাঙ্গল-যুৱলি পেলাই জালোৱাক গবা মাৰি ধৰে)।
জালোৱা।— সঁচা, বাঁক্ মায়াপী ককাই! সি থিতাতে ওলায়, থিতাতে নাইকিয়া হয়, মোৰ গাতে লাগি আহিছেই কি জানি, কিনো ঠিক্। কিবা ছঁয়াময়াখন দেখোঁচোন। ভুত ছঁয়াতে ময়া হৈ সোমায় (গবাগবিকৈ দুয়ো কঁপিবলৈ ধৰে)।
(মুক্তিনাথৰ প্ৰবেশ)
মুক্তি।— (উপলুঙ্গাকৈ) কি হৈছে অ, তহঁতৰ? হৈছে কি?
জালোৱা।— কিনো সোধা বোপাটি! যি হব লাগে হৈছে আৰু! কবলৈ কথাই নোলায়!
হালোৱা।— এৰা, বোপাদৌতা, তোমাক দেখিহে ধাতুটো আহিছে!
মুক্তি।— কিয়? মইনো তোৰ ধাতুটো কেনেকৈ আনিলোঁ আকৌ?
হালোৱা।— এৰা, তিনটা মুনিহ দেখিলে ওচৰ নেচাপে নহয়।
মুক্তি।— কিনো ওচৰ চপাৰ কথা কৈছ? ক’তা, আৰু দেখোন কাকো দেখা নাই।