পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ ভাৰতৰসংবিধান যষ্ঠ ভাগ -ৰাজ্য সমূহ-অনুচ্ছেদ ২১৩-২১৭ (খ) ৰাজ্যপালৰ দ্বাৰা যিকোনো সময়তে প্ৰত্যাহৃত হব পাৰিব। স্পষ্টীকৰণ - যেতিয়া বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ সদন সমূহ ভিন ভিন্ন তাৰিখত পুনঃ সমবেত হবলৈ আহৃত হয় এই খণ্ডৰ প্ৰয়োজনৰ কাৰণে ছয় সপ্তাহ-কালাৱধিৰ গণনা সেই তাৰিখবোৰৰ পিচৰটো তাৰিখৰ পৰা কৰা হব। (৩) এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপিত কোনো অধ্যাদেশে যদি আৰু যি পৰ্য্যন্ত এনে কোনো উপবন্ধ কৰে যিটোনেকি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অধিনিয়মিত আৰু ৰাজ্যপালৰ দ্বাৰা সন্মতি প্ৰাপ্ত হলে বিধিমান্য নহ'লহেতেন, সেই পৰ্য্যন্ত এনে অধ্যাদেশ বাতিল হব? পৰন্তু সমৱৰ্তী সূচীত প্ৰগণিত কোনো বিষয় সম্পকীয় সংসদৰ কোনো বিধিৰ বা বিদ্যমান কোনো বিধিৰ সহিত বিৰুদ্ধ হোৱা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়মৰ প্ৰভাৱ সম্পৰ্কীয় এই সংবিধানৰ উপবন্ধ সমূহৰ প্ৰয়োজনাৰ্থে, ৰাষ্ট্ৰপতিৰ অনুদেশানুসাৰে এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপিত কোনো অধ্যাদেশ বাষ্ট্ৰপতিৰ বিচাৰাৰ্থেৰক্ষিত হৈতকৰ্কসন্মতিদত্তৰাজ্যখনৰ বিধান মণ্ডলৰ কোনো অধিনিয়ম বুলি গণ্য হব। পঞ্চম অধ্যায় ৰাজ্য সমূহৰ উচ্চ ন্যায়ালয় সমূহ ! ৰাজ্যসমূহৰকাৰণে উচ্চ ন্যায়ালয় সমূহ। ২১৪। [***] প্ৰত্যেক ৰাজ্যৰ কাৰণে একোখন উচ্চ ন্যায়ালয় থাকিব। } উচ্চ ন্যায়ালয় সমূহ অভিলেখ ন্যায়ালয় হব। উচ্চ ন্যায়ালয় সমূহৰ গঠন। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি আৰু পদৰ চৰ্তসমূহ। ২১৫। প্ৰত্যেক উচ্চ ন্যায়ালয় অভিলেখ ন্যায়ালয় হব আৰু নিজক অৱমাননা কৰাৰ কাৰণে দণ্ড দিয়া ক্ষমতাকে অন্তৰ্ভুক্ত কৰি এনে ন্যায়ালয়ৰ সকলো ক্ষমতা থাকিব। ২১৬। প্ৰত্যেক উচ্চ ন্যায়ালয় এজন মুখ্য ন্যায়াধিপতি আৰু ৰাষ্ট্ৰপতিয়ে সুময়ে সময়ে আৱশ্যক বিবেচনা কৰি নিযুক্ত কৰা তেনেকুৱা অন্য ন্যায়াধীশ সকলৰে গঠিত হব। ] ২১৭.I(১) ভাৰতৰ মুখ্য ন্যায়াধিপতি, সেই ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্য ন্যায়াধিপতিৰ বাহিৰে অন্য ন্যায়াধীশ নিযুক্তিৰ সময়ত সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য নায়াধিপতিৰে সৈতে পৰামৰ্শ কৰাৰ পিচত ৰাষ্ট্ৰপতিয়ে স্বহস্তাক্ষৰ আৰু:মোহৰ-যুক্ত অধিপত্ৰৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ প্ৰত্যেক ন্যায়াধীশক নিযুক্ত কৰিব, আৰু সেই ন্যায়াধীশে * [ অতিৰিক্ত বা কাৰ্য্যকৰী ন্যায়াধীশৰ ক্ষেত্ৰত ২২৪ অনুচ্ছেদত উপবন্ধিত অনুসাৰে আৰু আন যিকোনো ক্ষেত্ৰত তেওঁৰ [ বাষষ্টি বছৰ বয়স নোহাৱা পৰ্য্যন্ত পদ ধাবণ কৰিবঃ ] ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬.ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা (১) বন্ধনী আৰু সংখ্যা লোপ কৰা হৈছে।.. ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা (২) আৰু (৩) খণ্ড লোপ কৰা হৈছে। ৩। উক্ত অধিনিয়মৰ ১১ ধাৰাৰ দ্বাৰা পৰস্তুক লোপ কৰা হৈছে। ৪। উক্ত অধিনিয়মৰ ১২ ধাৰাৰ দ্বাৰা তেওঁৰ ষাঠি বছৰ বয়স নোহোৱালৈকে পদ ধাৰণ কৰিবৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত কৰা হৈছে। ৫। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৪ ধাৰাৰ দ্বাৰা “যাঠি বছৰৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত কৰা হৈছে।