পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰসংবিধান ষষ্ঠ ভাগ-বাজ্য সমূহ-অনুচ্ছেদ ১৯৫-১৯৭ ১৯৫। ৰাজ্যৰ বিধান সভা আৰু ৰাজ্যৰ বিধান পৰিষদৰ সদস্য সকল, ৰাজ্যৰ বিধান মণ্ডলে সদস্য সকলৰ বেতন বিধিৰ দ্বাৰা সময়ে সময়ে নিদ্ধাৰিত কৰি দিয়া অনুসৰি বেতন আৰু ভাত্তা পাবলৈ আৰু সেই সম্বন্ধে আৰুত্তা। এনেদৰে উপবন্ধ প্ৰস্তুত নকৰালৈকে এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পুৰ্ব্বেত স্থানীয় প্ৰদেশৰ বিধান সভাৰ সদস্য সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নিৰিখত আৰু চৰ্ত্তত বেতন আৰু ভাত্তা পাবলৈ হকদাৰ হব। বিধান প্ৰক্ৰিয়া ১৯৬ (১) ধন সম্পৰ্কীয় বিধেয়ক আৰু অন্যান্য বিত্তীয় বিধেয়ক বিষয়ত থকা অনুচ্ছেদ বিধেয়ক উত্থাপন আৰু ১৯৮ আৰু ২০৭ ৰ উপবন্ধাৱলী সাপেক্ষে বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ পাৰিকৰণসম্বন্ধে যিকোনোটো সদনতে কোনো বিধেয়কৰ উৎপত্তি হব পাৰে। উপন্ধালী। (২) অনুচ্ছেদ ১৯৭ আৰু ১৯৮ ৰ উপবন্ধাৱলীৰ সাপেক্ষে উভয় সদনৰ দ্বাৰা বিনা সংশোধনেৰে অথবা কেবল উভয় সদনৰ দ্বাৰা স্বীকৃত সংশোধন সহ, স্বীকৃত নোহোৱা পৰ্য্যন্ত কোনো বিধেয়ক বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ সদন কেইটাৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য কৰা নহব। (৩) বিধান মণ্ডলৰ সদনৰ বা সদন কেইটাৰ সত্ৰাৱসান হোৱা হেতুত কোনো ৰাজ্যৰ বিধান মন্ডলত বিবেচনাধীন হৈ থকা কোনো বিধেয়ক কালাতিগত নহব।

' .

(৪) কোনো ৰাজ্যৰ বিধান পৰিষদত বিবেচনাধীন হৈ থকা কিন্তু বিধান সভাৰ দ্বাৰা পাৰিত নোহোৱা কোনো বিধেয়ক বিধান সভাৰ বিঘটনত কালাতিগত নহব। . (৫) কোনো ৰাজ্যৰ বিধান সভাত বিবেচনাধীন অথবা বিধান সভাৰ দ্বাৰা পাৰিত হোৱাৰ পিচত বিধান পৰিষদত বিবেচনাধীন হৈ থকা কোনো বিধেয়ক বিধান সভাৰ বিঘটন হলে কালাতিগত হব। ১৯৭{(১) বিধান পৰিষদ, থকা ৰাজ্যৰ বিধান সভাৰ দ্বাৰা কোনো বিধেয়ক পাৰিত হোৱাৰ ধনসম্পৰ্কীয় বিধেয়ক, পিচত আৰু বিধান পৰিষদলৈ প্ৰেৰণ কৰাৰ পিচত যদি : বাহিৰে অন্য বিধেয়কৰ (ক) বিধেয়কখন পৰিষদৰ দ্বাৰা অগ্ৰাহ্য হয়; বা ক্ষেত্ৰত বিধান পৰিষদৰ ক্ষমতাৰ ওপৰত, (খ) পৰিষদৰ আগত বিধেয়কখন উত্থাপন কৰা তাৰিখৰ পৰা বিধেয়কখন পৰিষদৰ দ্বাৰা নিবন্ধন। পাৰিত নোহোৱাকৈ তিনি মাহতকৈ অধিক কাল অতিবাহিত হয়; বা (গ) এনেকুৱা সংশোধন সহ বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত হয় যি সংশোধন বিধান সভা একমত নহয়; তেতিয়া বিধান সভাই নিজৰ প্ৰক্ৰিয়া বিনিয়ামক নিয়মাবলীৰ সাপেক্ষে, বিধেয়কখন সেই অধিবেশনতে নাইবা পৰৱৰ্ত্তী কোনো অধিবেশনত বিধান পৰিষদৰ দ্বাৰা কৰা, পৰামৰ্শ দিয়া বা স্বীকাৰ কৰা যদি কিবা সংশোধন থাকে তেনে সংশোধন সহ বা বিনা সংশোধনে পুন: পাৰিত কৰিব পাৰে আৰু তেনেদৰে পাৰিত বিধেয়কখন তেতিয়া বিধান পৰিষদলৈ প্ৰেৰণ কৰিব পাৰে। (২) বিধান সভাৰ দ্বাৰা বিধেয়কখন তেনেদৰে দ্বিতীয়বাৰ পাৰিত হোৱাৰ আৰু বিধান পৰিষদলৈ প্ৰেৰণ কৰাৰ পিচত যদি (ক) বিধেয়কখন পৰিষদৰ দ্বাৰা অগ্ৰাহ্য হয়; বা (খ) পৰিষদৰ আগত বিধেয়কখন উত্থাপন কৰা তাৰিখৰ পৰা বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত নোহোৱাকৈ এমাহতকৈ অধিক কাল অতিবাহিত হয়; বা (গ) এনেকুৱা সংশোধন সহ বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত হয় যি সংশোধনত বিধান সভা একমত নহয়;