পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ দ্বিতীয় ভাগ নাগৰিকত্ব এই সংবিধানৰ প্ৰাৰম্ভণিৰ সময়ত নাগৰিকত্ব। ৫ এই সংবিধানৰ প্ৰাৰম্ভণিত যাৰ ভাৰতৰ ৰাজ্যক্ষেত্ৰত অধিবাস থাকে আৰ — (ক) ভাৰতৰ ৰাজ্যক্ষেত্ৰত যি জন্ম লাভ কৰিছিল; নাইবা (খ) যাৰ পিতৃ বা মাতৃৰ যিকোনো এজনে ভাৰতৰ ৰাজ্য ক্ষেত্ৰত জন্ম লাভ কৰিছিল; কিম্বা (গ) এই প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে যি অন্ততঃ পাঁচ বছৰ কাল ভাৰতৰ ৰাজ্য ক্ষেত্ৰত সাধাৰণতে বাসিন্দা আছিল, এনে প্ৰত্যেক ব্যক্তিয়েই ভাতৰ নাগৰিক হ'ব। ৬ অনুচ্ছেদ ৫ত যিকোনো কথা থকা সত্ত্বেও, বৰ্তমানে পাকিস্থানৰ অন্তৰ্গত হোবা পাকিস্থানৰ পৰা ৰাজ্যক্ষেত্ৰৰ পৰা ভাৰতৰ ৰাজ্যক্ষেত্ৰলৈ প্ৰব্ৰজন কৰা যিকোনো ব্যক্তি এই সংবিধানৰ প্ৰাৰম্ভণিৰ ভাৰতলৈ প্ৰব্ৰজন সময়ত ভাৰতৰ নাগৰিক বুলি গণ্য হব, যদিহে কৰা কিছুমান (ক) তেওঁ বা তেওঁৰ পিতৃ বা মাতৃৰ যিকোনো এজন কিম্বা পিতামহ বা পিতামহীৰ লোকৰ যিকোনো এজন গবৰ্ণমেন্ট অফ ইণ্ডিয়া একট, ১৯৩৫ (মূলতঃ অধিনিয়মিত নাগৰিকত্বৰ অনু যায়ীঠত পৰিভাষিত হোৱা ভাৰতত উপজিছিল; আৰু অধিকাৰ। (খ) (i) যি ক্ষেত্ৰত এনে ব্যক্তি ১৯৪৮ চনৰ জুলাই মাহৰ উনৈশ তাৰিখৰ আগতে এনেকৈ প্ৰজিত হৈ আহিছে, তেনে ক্ষেত্ৰত যদি তেওঁ প্ৰব্ৰজনৰ তাৰিখৰ পৰা ভাৰতৰ ৰাজ্যক্ষেত্ৰত সাধাৰণতে বাসিন্দা হৈ আছে; কিম্বা (ii) যি ক্ষেত্ৰত এনে ব্যক্তিয়ে ১৯৪৮ চনৰ জুলাই মাহৰ উনৈশ তাৰিখে কিম্বা তাৰ পিছত এনেকৈ প্ৰব্ৰজন কৰিছে তেনেক্ষেত্ৰত এই সংবিধানৰ প্ৰাৰম্ভণিৰ আগতে ভাৰত ডমিনিয়নৰ চৰকাৰে বিহিত কৰি দিয়া প্ৰপত্ৰত আৰু ৰীতিমতে সেই ব্যক্তিজনে সেইমৰ্মে কৰা আবেদন অনুসাৰে এই কামৰ বাবে উক্ত চৰকাৰৰ দ্বাৰা নিযুক্ত হোবা কোনো পদাধিকাৰীয়ে তেওঁক ভাৰতৰ নাগৰিক হিচাপে পঞ্জীবদ্ধ কৰিছে। পৰ, তেওঁৰ আবেদন পত্ৰৰ তাৰিখৰ ঠিক পূৰ্বে ভাৰতৰ ৰাজ্য ক্ষেত্ৰত অন্ততঃ ছমাহ কাল বাসিন্দা নোহোবা কোনো ব্যক্তি এনেভাবে পঞ্জীবদ্ধ হব নোৱাৰিব। ৭ অনুচ্ছেদ ৫ আৰু ৬ত যিকোনো কথা থকা সত্ত্বেও, ১৯৪৭ চনৰ মাৰ্চ মাহৰ পহিলা পাকিস্থানলৈ তাৰিখৰ পিছত ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ পৰা এতিয়া পাকিস্থানৰ অন্তৰ্গত হোৱা ৰাজ্যক্ষেত্ৰলৈ প্ৰব্ৰজন কৰা প্ৰব্ৰজন কৰা কোনো ব্যক্তিক ভাৰতৰ নাগৰিক বুলি গণ্য কৰা নহব। কিছুমান লোকৰ নাগৰিকত্বৰ পুৰন্তু, এতিয়া পাকিস্থানৰ অন্তৰ্গত হোবা ৰাজ্যক্ষেত্ৰলৈ এনেদৰে প্ৰব্ৰজন কৰিও, কোনো বিধিৰ দ্বাৰা বা বিধিৰ প্ৰাধিকাৰ অনুসৰি প্ৰদান কৰা পুৰ্নবসতিৰ কিম্বা স্থায়ী প্ৰত্যাবৰ্তন অনুজ্ঞা অধিকাৰ, অনুযায়ী ভাৰতৰ ৰাজ্যক্ষেত্ৰলৈ ঘূৰি অহা কোনো ব্যক্তিৰ ক্ষেত্ৰত এই অনুচ্ছেদৰ কোনো কথা প্ৰযোজা নহব, আৰু তেনে প্ৰত্যেকজন ব্যক্তিক অনুচ্ছেদ ৬ৰ খণ্ড (খৰি প্ৰয়োজনাৰ্থে ১৯৪৮ চনৰ জুলাই মাহৰ উনৈশ তাৰিখৰ পিচত ভাৰতৰ ৰাজ্যক্ষেত্ৰলৈ প্ৰব্ৰজন কৰা বুলি গণ্য কৰা হ'ব। ৮ অনুচ্ছেদ ৫ত যিকোনো কথা থকা সত্ত্বেও, এনে কোনো ব্যক্তি যি বা যাৰ পিতৃ বা ভাৰতত জন্ম মাতৃ বা পিতামহ বা পিতামহীৰ যিকোনো এজন গবৰ্ণমেন্ট অফ ইণ্ডিয়া একট, ১৯৩৫ (মূলতঃ হোৱা কিন্তু অধিনিয়মিত অনুযায়ী পৰিভাষিত ভাৰতৰ বাহিৰৰ যিকোনো দেশত সাধাৰণতঃ বসতি কৰি ভাৰতৰ বাহিৰত আছে তেওঁক ভাৰতৰ নাগৰিক বুলি গণ্য কৰা হব, যদিহে এই সংবিধান প্ৰাৰম্ভণিৰ পূৰ্বে বা পিচতেই ভাৰতীয় ডমিনিয়নৰ চৰকাৰ বা ভাৰত চৰকাৰৰ দ্বাৰা বিহিত প্ৰপত্ৰ আৰ ৰীতিমতে থকা কিছুমান ভাৰতৰ ৰাজনয়িক বা বাণিজ্য দৌত্যৰ প্ৰতিনিধিৰ ওচৰত তেওঁ কৰা আবেদনক্ৰমে যি দেশত লোকৰ তেওঁ তৎসময় বসতি কৰি থাকে সেই দেশতে ভাৰতৰ ৰাজনয়িক বা বাণিজ্য দৌত্যৰ নাগৰিকত্বৰ প্ৰতিনিধিয়ে তেওঁক ভাৰতৰ নাগৰিক ৰূপে পঞ্জীবদ্ধ কৰিছে। অধিকাৰ।