সমললৈ যাওক

পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ভাৰতৰ সংবিধান দ্বিতীয় ভাগ নাগৰিকত্ব-অনুচ্ছেদ ৯-১১ স্বেচ্ছাই বিদেশী ৯ যদি কোনো ব্যক্তিয়ে স্বেচ্ছাই কোনো বিদেশী ৰাজ্যৰ নাগৰিকত্ব অৰ্জন কৰে তেনেহলে তেনে ব্যক্তি অনুচ্ছেদ ৫ৰ আধাৰত ভাৰতৰ নাগৰিক নহব, কিম্বা অনুচ্ছেদ ৬ বা ৮ৰ আধাৰত তেওঁ ভাৰতৰ নাগৰিক বুলি গণ্য নহব।

নাগৰিকত্ব অৰ্জন

কৰা ব্যক্তিসকল নাগৰিক নহ'ব। নাগৰিকত্ব অধিকাৰৰ অবিচ্ছিন্নতা। ১০l এই ভাগৰ পূৰ্ববৰ্তী উপবন্ধ সমূহৰ যিকোনোটোৰ মতে ভাৰতৰ নাগৰিক হোবা বা নাগৰিক বুলি গণ্য কৰা প্ৰত্যেকজন ব্যক্তি সংসদে প্ৰস্তুত কৰা কোনো বিধিৰ উপবন্ধ সাপেক্ষে অবিচ্ছিন্নভাবে এনে নাগৰিক হৈ থাকিব। সংসদে বিধিৰ দ্বাৰা নাগৰিকত্ব অধিকাৰ বিনিয়মন কৰিব। ১১৷ নাগৰিকত্ব অৰ্জন আৰু সমাপ্তি আৰু নাগৰিকত্ব সম্বন্ধীয় অন্য সকলো বিষয়ে সংসদে যিকোনো উপবন্ধ প্ৰস্তুত কৰিব পৰা ক্ষমতা এই ভাগৰ পূৰ্ববৰ্তী উপবন্ধ সমূহৰ একোৱেই হ্ৰাস কৰিব নোৱাৰিব।