পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
বৈষ্ণৱী কীৰ্ত্তন।

পতিত বুলিয়া মোক হৰি হৰি এ ৰাম,
তেজিতে নপাৰা নাৰায়ণ।
পৰম কৰুণা গুণে হৰি হৰি এ ৰাম,
নাম ধৰিছা পতিতপাৱন॥
দয়াৰ ঠাকুৰ হুয়া দয়া কেনে নকৰয়।
ৰাম কৃষ্ণ নাৰায়ণ দীন দয়াময়॥
মোকে কৃপা কৰা হৰি এ,
দান্তে ধৰো তৃণ, মাথে ধৰো তৃণ।
তুমি কৃপাময়ক নজানো এতদিন॥
মোকে কৃপা কৰা এ,
ঐ বন্ধু ৰাম, প্ৰাণবন্ধু ৰাম,
নেড়োক মুখে ৰাম কৃষ্ণ নাম, মোকে কৃপা কৰা
পতিতপাৱন বুলি নাৰায়ণ এ,
পৰম পতিতে ডাকে আতুৰ হুয়া।
তযু বেদবাণী আমি আছো শুনি এ,
মহা মহা পাপী তৰে তযু নাম লৈয়া॥
তুৱা গুণ নাম অমৃত আশায় এ,
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
চৰণত ধৰো কাতৰ কৰো এ,
মই অনাথক নছাড়িবা যদুপতি॥
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ,
নিশ্চয়ে তোমাৰ দিবাক লাগে প্ৰসাদ।