পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫৩]

নহওঁ পণ্ডিত তযু নহওঁ ভকত।
তোমাৰ প্ৰসাদে প্ৰভূ কিছু পাইলোঁ তত্ব॥ ২৭৬॥
হৃদয়ত থাকি মোক যিবা মতি দেন।
তাকে বিৰচিলো মই বাদিৰ পুতন॥
এক বৰ মাগো প্ৰভু দিযো অনুমতি।
সদা মোৰ হৌক তযু ভৃত্যৰ সঙ্গতি॥ ২৭৭॥
কৰ্ণে কথা হৃদি ৰূপ মুখে তষু নাম।
নকৰিবা আশা ভঙ্গ দিও অবিশ্ৰাম॥
তুমি নিজ গুৰু তুমি তুমি ইষ্ট দেৱ।
তযু চৰণত প্ৰভু নমি কৰো সেৱ॥ ২৭৮॥
বৈষ্ণবী গীতাৰ পদ শুনা সভাসদ।
তৰিবা সংসাৰ ক্লেশ পাইবাহা সম্পদ॥
কহয় বালকানন্দে মিনতি যে কৰি।
পৰম আনন্দে শুনা নিতে কৰ্ণ ভৰি॥ ২৭৯॥
নাহি আন ধৰ্ম্ম ইটো দুৰ্ঘোৰ কলিত।
জনি সাধু সঙ্গ লৈয়া কথা গুণা নিত॥
মুখে নাম হৃদ ৰূপ হস্তে কৰা কাম।
উচ্চ কৰি ডাকি সবে বোলা ৰাম ৰাম॥ ২৮০॥

 

অন্ত।