পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হে কৃষ্ণ কৃষ্ণ তুমি মোৰ মহা গুরু৷
কালৰ যে অতিকাল ভক্ত কল্পতরু॥২৫৪॥
দুষ্ট সংহৰন প্ৰভু তুমি মোৰ স্বামী।
তোমাৰ চৰণে নমস্কাৰ কৰোঁ আমি॥
কিনো কৃপাময় কিনো কৃপাময় হৰি।
ভকতৰ উপায় যে দেখাইলা মুৰাৰি॥২৫৫॥
আজি ধৰি ভৈলো প্ৰভু চৰণৰ দাস।
তোমাৰ বাক্যত প্ৰভু কৰিলো বিস্বাস॥
এহি বুলি অৰ্জ্জুনে চৰণে লৈলা ধুলী।
দণ্ডৱতে পৰিলাহা জয় কৃষ্ণ বুলি॥২৫৬॥
কৃষ্ণে বোলে সখি তুমি জানিবাহা সাৰ।
তৰিলা দুস্তৰ মায়া ভয় নাহি আৰ॥
এহি বুলি অৰ্জ্জুনক প্ৰভু তুলি ধৰি।
আস্বাশিলা মাধবে অনেক প্ৰেম কৰি॥২৫৭॥
ইহেন বৈষ্ণবি গীতা গুহ্যতেসে সাৰ।
নকহিবা ইটো কথা আগত আনৰ॥
গুৰু বৈষ্ণব যিটো নকৰে ভকতি।
তাহাৰ আগত তুমি নকৈবা সম্প্ৰতি॥২৫৮॥
সদাই মজিয়া যিটো আছে বিষয়ত।
ইটো নকহিবা সখী তাহাৰ আগত॥
যিটো দুষ্টমতি জানা আতি অহঙ্কাৰী।
তাৰ আগে নকহিবা কৈলো নিষ্ঠ কৰি॥২৫৯॥