পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৭ ]

আৰো কিছু মই  শুনিবাক চাও
 নামৰ মহিমা হৰি।
যদি শুনিবাক যোগ্য হওঁ প্ৰভূ
 তেবে কৈয়ো নিষ্ট কৰি॥ ১৯৩॥
এহি বুলি পাৰ্থ  প্ৰেমে হুয়া মত্ত
 কৃষ্ণক পৰি নমিলা।
আতি স্নেহে কৃষ্ণে  অৰ্জ্জুনক ধৰি
 আলিঙ্গি প্ৰেমে তুলিলা॥ ১৯৪॥
শুনা সভাসদ  মুকুতি মিলৌক
 বৈষ্ণবি গীতাৰ পদ।
যদি বোলা ভক্তে  মুকুত নবাঞ্চে
 কেনে লোৱে মুক্তি পদ॥১৯৫॥
শুনা নৰ নাৰী  ইহাৰ উত্তৰ
 সাৱধান কৰি চিত্ত।
ভক্তে নবাঞ্চয়  আপনি মিলয়
 ভক্তিত হোৱে বিদিত॥১৯৬॥
ভকতি কৰন্তে  অপোনাত মিলে
 আসি ধৰে তান লাগ।
ভকতে নচাৱে  তথাপিতো পাৱে
 কি মতে কৰিবো ত্যাগ॥১৯৭॥
যেন লাগে কৰা  ভক্তি মাত্ৰ ধৰা
 দূৰ কৰা বৃথা কথা।