পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

মনুষ্য জীবন  নিশিৰ সপন
 হৰিভজা সাধু সঙ্গে॥
এহিমতে পূজা,  বৈষ্ণৱক কৰা,
 মানিয়া বৈষ্ণব বুলি।
এতেক প্ৰকাৰে,  বৈষ্ণবক ভজা,
 হৰিৰ শৰীৰ বুলি॥
সংসাৰ নিকাৰ,  এৰাই বাহা সুখে,
 পাইবা বৈকুণ্ঠত ঠাই।.
তোমাৰ আগত,  সকল কহিলোঁ,
 কৰিও যেন উপাই॥
হেন শুনি পাৰ্থ,  জানি পৰমাৰ্থ,
 বিনাছে কৃষ্ণক চাই।
তোমাৰ ভকত,  প্ৰভু জানিলোহো,
 ভক্তি বিনে শ্ৰেষ্ঠ নাই॥
বৈষ্ণবেসে জপ,  বৈষ্ণবেসে তপ,
 বৈষ্ণবেসে ইষ্টদেব,।
বৈষ্ণবেসে জপ,  বৈষ্ণবেসে ব্ৰত,
 বৈষ্ণবক কৰা সেব॥
বৈষ্ণবৰ কিছু  মহিমা জানিলো,
 মুৰাৰি কৃষ্ণ গোবিন্দ।
অভক্ত দুষ্টৰ,  কেনে গতি কয়ো,
 নমো চৰণাৰ বিন্দ॥