পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
বুঢ়াভাষ্য

সবে তত্ব মিলি ভৈল ব্ৰহ্মত ভকতি।
বৈৰাগ্য পুৰুষ তাৰ ভৈলন্ত প্ৰকৃতি॥
চৰাচৰ ভৈলা তাত হন্তে ভেদাভেদ।
বিশুদ্ধ লক্ষণ এহিমানে পৰিচ্ছেদ॥ ১৭২
সৃষ্টিৰ বিভাগ থানে যিবোৰক পায়া৷
অতি ভাগে যাৰ যেন ধৰ্ম্ম প্ৰবৰ্ত্তায়া॥
ভগৱন্তে ভাল মতে কৰন্ত পালন।
ইহাক পণ্ডিতে কহে মুকুতি লক্ষণ॥ ১৭৩
আপোনৰ গুণ নাম কৰন্ত কীৰ্ত্তন।
মহা পাতকীকো মোৰ বুলি নাৰায়ণ॥
কৰন্ত পালন অনুগ্ৰহ কৰি তাক।
পালন লক্ষণ এহি বুলিয়ো ইহাক॥ ১৭৫
তোমাৰ চৰণে প্ৰভু কৰো স্তুতি - নতি।
এহিমানে ভৈল বুঢ়াভাষ্য সমাপতি॥
বিষ্ণুত ভকত কৃষ্ণ কথাত নিৰত৷
দাতা দয়াবন্ত সৰ্ব্ব কাৰ্য্যত শকত॥ ১৭৬
তাহান উদ্যোগে গোবিন্দৰ প্ৰসাদত।
কথা বন্ধে বুঢ়াভাষ্য কৰিলো বেকত॥
নমো নমো পৰম পুৰুষ সনাতন।
হৃদয়ৰ বন্ধু কৃষ্ণ দৈৱকী নন্দন॥
তুমি অন্তৰ্য্যামি মোক দিলা যেন মতি।
সেহি অনুভাৱে কথা ৰচিলো সম্প্ৰতি॥