পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩২)

একখানি ঘৰ, তৈতে বান্ধিলন্ত
 আতি বিতোপণ কৰি॥
গোসানীক নিয়া, অনেক বুঝায়া
 সেহি গৃহে স্থাপি থৈলা।
বিদায় কৰিয়া, আপোন খানক
 বিশ্বকৰ্ম্ম চলি গৈলা॥
পাছত গোসানী, তুলসী সৰক
 দুৱাৰত ৰুইলা আনি।
তাৰ পাত ছিঙ্গি, সদাই বিষ্ণোক
 পূজন্ত সীতা গোসানী॥
শুনা সভাসদ, ইতিহাস পদ
 গোসানী সীতা চৰিত্ৰ।
আৰু এক মনে, শুনে যিটো জনে
 পাপীয়ো হোৱে পবিত্ৰ॥
কলিৰ লোকৰ, হৰিসে বান্ধৱ
 হৰিসে মোক্ষ মুকুতি।
ইহ পৰলোকে, ভৰ তৰিবাৰ
 হৰি বিনে নাই গতি॥
শুনা সৰ্ব্বজন, কথা বিতোপন
 বাৰাহ চৰিত্ৰ পদ।
ডাকি মুখ ভৰি, বোলা হৰি হৰি
 তৰিয়ো সবে আপদ॥