পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বেল্টু মণি।

 তাৰ নামটো আছিল যেনে অদ্ভুত আন দৰৰ, মানুহ টোও আছিল তেনেকুৱা অদ্ভুত, সকলোৱে উপলুঙা কৰা।

 কাৰ ঘৰত কোন গাওঁত আৰু কিমান চনৰ কিমান তাৰিখে সি জন্ম গ্ৰহণ কৰিলে— এইবিলাক কথা ডাঙৰ লোকৰ ভাগ্যবান পুত্ৰৰ বেলিকা হিচাবত থাকে; বেণ্টু-মণিৰ বেলিকা, হুঁঃ।

 কিবা প্ৰকাৰে সি ডাঙৰ হল। গাখীৰ বা বাৰ্লি নাইবা বিধে বিধে নতুন নতুন খাদ্যৰ কথা সি নালাগে তাৰ সাতাম পুৰুষেও নাজানে। কি খাই যে সি বৰ্তিল আৰু ডাঙৰ হল, তাক ঈশ্বৰেহে আনে।

 যি গাওঁত তাৰ জন্ম, সি পানীত তল যোৱা বাঁহৰ মাজৰ হেঁচুক গাওঁ। তাতে মেলেৰিয়াত মানুহ মৰে