পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চিকাৰি আৰু হাঁহ।

(১)

 শৰৎ কাল, আকাশ নিৰ্মল; মাজে মাজে বগা মেঘ কিছুমানে ইনাই-বিনাই ভাহি ফুৰিছে। আকাশৰ মাজেৰে কল্‌ কল্‌ কাকলি কৰি বগা হাঁহৰ শাৰী উৰি গৈছে; দূৰৰ পৰা শুনি মধুৰ কল্লোলৰ দৰে; দেখি প্ৰকৃতি দেৱীৰ বিশাল নিতম্বত ওলমি পৰা মেখলাৰ দৰে।

 এটা মতা হাঁহে মাইকীক কৈছে, “আমি এই বাৰ গৈ বিলৰ নিজান চুকত ঘৰ পাতিব লাগে। যাতে কোনো শত্ৰুএ দেখা নাপায়। বিশেষকৈ বন্দুকৱালা মানুহৰ পৰা দূৰত থাকিবই লাগিব। ইফালে পোৱালী দুটাও হল ডাঙৰ। তাহাঁতকো শিকাব লগীয়া কথা বহুত আছে। আহা জহৰ দিন কেইটা মানস সৰোবৰত কটাবলৈ প্ৰথমে যি শিকনি