পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৮ ]


 এই প্ৰকাৰে তিনি কুৰি টকাৰে অসংখ্য কাৰবাৰ কৰিব পাৰি। বা একোকে নকৰি গোটেইখিনি টকা দলি মাৰি পেলাই দিব পাৰি বা হৰুৱাবও পাৰি।

 তুমি সুধিবা কেনেকই?

 অৱশ্যে তাৰো কায়দা জানিব লাগে। টকা তিনি কুৰি উলিয়াই বাহিৰত পেলাই থলা, তাৰপৰা কোনোবাই বুটলি লৈ গল; ইয়াত হৰুৱাৰ অলপো কায়দা নাখাটিল।

 বা, তিনিকুৰি টকা জেপত জন-জনাই সভা-ভঠেলি বা হাট বজাৰক গলা। তাৰপৰা ফুটা ছোলাৰ জেপেৰে এটা এটা কৰি সৰি পৰি থাকিল, বা কোনোবাই মোনাত হাত সুমাই গোটাই কেইটা লৈ গল! তাতো কায়দা সম্পূৰ্ণ ৰূপে নাখাটিল।

( ২ )

 দস্তুৰ মাফিক কায়দা লগাই কেনেকই হৰুৱাব পাৰি, তাৰে এটা কথা কওঁ শুনা।

 মই এদিন ৰেলত ফুৰিছিলোঁ। এটা ষ্টেচনত টকা কৰি গণি-পিতি লৈ দহ-টকীয়া ছয় খন নোট বেছ কৰি জাপি জুপি এটা চামৰাৰ ডাঙৰ ‘মনিবেগৰ’ ভিতৰত খাপ খুৱাই সুন্দৰৰূপে সুমাই থলোঁ।