পৃষ্ঠা:ফুলৰ চানেকি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
১০২৯
 


গুহাত গদাপাণি।

গদা।—নিজান গুহাত
অহ, অকলই মই।
অকলে আপোন মনে কৰিছোঁ বিহাৰ,
পাহৰি সংসাৰ চিত্ৰ, পুত্ৰ-পৰিয়াল,
আৰু মোৰ ৰাজ্যচিন্তা, আত্ম বাহুবল।
তপস্যা সাধন নোহে ব্ৰত জীৱনৰ,
নাছিল সমূলি বৈৰাগী জনৰ ভাব
আদি জীৱনত। আজিও বীৰৰ তেজ
বয় প্ৰতিসিৰে; বীৰভাব বীৰকাজ,
পালিছোঁ আজিও,—আজিও জীৱন-ব্ৰত।
তেন্তে এই ছদ্মবেশ কিয় আজি মোৰ!
কিয় বা নিজানবাস ভৰ বয়সত?
জন-প্ৰাণী অসঞ্চাৰ, নাই সমাগম;
চৰাই-চৃকতি মাথোঁ পশে এই ঠাই,
চিন্তাশূন্য প্ৰাণ তাৰ, আতি নিৰমল,
উলাহত নাচি নাচি উৰে। কিন্তু হাঁয়,
চিন্তাৰ বিকাৰে যাৰ দহে মন-প্ৰাণ,
জন-সমাজত যাৰ নাই শান্তি লেশ,
নাই তৃষ্ণা, নাই লীপ্সা গৌৰৱত যাৰ,
সেই দুৰ্ভগীয়া নৰে প্ৰৱেশে ইঠাই,
অপাৰ চিন্তাৰ পাৰ পাওঁ বুলি ভাবি।