পৃষ্ঠা:ফুলৰ চানেকি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শদিয়া।

এয়ে সেই কীৰ্ত্তিস্থল;—
ইয়াতে এদিন চুটিয়াৰ আদিৰাজ
ৰত্নধ্বজপাল হইছিল বিমোহিত
প্ৰকৃতিৰ ৰূপলীলা চাই। পাঙ্গিছিল
ইয়াকেই ৰত্নপুৰ নগৰৰ ভেঁটি।
কিন্তু, কি যে বিধি-বিড়ম্বনা,—নগৰৰ
ভেঁটি লই উঠিল মৈদাম !—মহাৰাজ
ৰত্নধ্বজে প্ৰিয়পুত্ৰ এটি ৰাখিছিল
কমতাপুৰত গই, শিক্ষাৰ উদ্দেশ্যে;
অকালত কাল হল সেই কোৱঁৰৰ।
কমতা-ঈশ্বৰে পাচে অতি যতনেৰে
পঠিয়ালে সন্তানৰ শৱ পিতৃলই,
যুগুত সমাধি হেতু। মৰ্ম্মাহত হল
ৰত্নধ্বজ পুত্ৰৰ শোকত। ভগ্ন হল
মনোৰথ, মনৰ উদ্যোগ ‘ৰত্নপুৰ’
স্থাপনৰ হেতু। নগৰৰ সলনিত
পালবংশী কোৱৰৰ সমাধিৰ স্থল
হল এই ঠাই। তদৱধি খ্যাত হল
‘পাল-শৱ-দিয়া’—‘শদিয়া’ৰ আঁতিগুৰি—
শ্মশানৰ নাম। সেই হন্তে সুৰক্ষিত
মৈদামৰ ভেঁটি; পিপৰা পৰ্য্য়ন্ত তাত
নোৱাৰে পশিব।

⸻ – ⸻