পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

(৩)

 [ইয়াৰ দহ মিনিট মানৰ পাচত। প্ৰিন্সিপালৰ বঙলা। তেওঁৰ ঘৈনীয়েকে টেলিফোনটো লৈ আছে। ওচৰতে Principal বিমৰিষ মনেৰে বহি আছে।]

 Mrs. Principal— (টেলিফোন হাতত লৈ) কি কলে? ল’ৰাবোৰ উত্তেজিত হৈ আমাৰ বঙলাৰ ফালে আহিছে? আপোনালোকে কি কৰিছিল? ... তাহঁতক বুজাব নোৱাৰিলে এতিয়া আপোনালোকে মজা কৰক। আমাৰ সৰ্ব্বনাশ। ... ইমানবিলাক ল’ৰাই আমাক কাটেই নে মাৰেই! তৎক্ষণাৎ চকীদাৰ-চাপ্ৰাছীবিলাকক পঠাই দিয়ক .... হয় বঙলালৈ। তাহাঁতৰ ঘৰলৈ পঠাবলৈ কৈছো নেকি? ভাল বুদ্ধি আপোনালোকৰ!

 Principal— চাওঁ, চাওঁ, মোক দিয়াচোন। (Telephoneটো ধৰে) Yes Good morning... why could

you not manage the situation... ম‌ই যে indisposed... Absolutely not, এদিন এঘন্টা Principal নহলে কলেজখন নচলে। Crisisটো হয়েই। সেইবুলি আপোনালোকে কি কৰিলে?..... ঘৰলৈ যাব বিচাৰে Professor সকলে? বাৰু তেনে। সকলোবিলাক nervous হলে কেনেকৈ হব..... All must stay in the college. That

[৪২]