পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
DISCIPLINE
 

 চমচেৰ— Indisposed কেতিয়া হ’ল? Sir, অলপ আগতে আমি তেওঁক ডিপুটি কমিচনাৰ চাহাবৰ বঙলাৰ ফালে যোৱা লগ পাইছোঁ।

 (ল’ৰাৰিলাকৰ মাজৰ পৰা ‘coward’ এই শব্দ শুনা গ'ল।)

 এজন Senior Prof.— Well boys, I will put it to you straight. মহাত্মা গান্ধীৰ প্ৰতি আমাৰ সকলোৰে ভক্তি আৰু শ্ৰদ্ধা আছে। কিন্তু বৰ্ত্তমান অৱস্থাত আমি একো কৰিব নোৱাৰোঁ। আমি গৱৰ্ণমেন্টৰ চাকৰ, সেইমতে চলিব লাগে।

 ভূদেব— মানিলোঁ ছাৰ। যোৱা বেলি দেখোন এই কলেজত এইবোৰ উৎসৱ পাতিবলৈ উদ্গনি দিছিল?

 Senior Prof.— Things change my friends! তোমালোকক সৰল ভাৱেৰে কৈছো we are helpless।

 ৰমানাথ— তেনেহলে Sir, আপোনালোকে যাওক। আমি Flag-salute কৰিহে যাম। Principal যদি নাহে, তেওঁক আনিবলৈ যত্ন কৰোঁ।

 কালিদত্ত— ঠিক! ব’লা Principalক লৈ আহোঁগৈ।

 হীৰাচিং— Yes; এইটো ভাল কথা। (প্ৰফেছৰসকললৈ) হয় sir, আপোনালোক ভিতৰলৈ যাওক। আমি Flag salute কৰিহে কি কৰোঁ। বলাহঁক।

 (এইবুলি দুকুৰিমান ছাত্ৰ উত্তেজিত হৈ Principalৰ বঙলাৰ ফালে যায়।)

 
[৪১]