প্ৰ, মৈ। তোমাৰ যা মনে তাই কৰ। আমি কিন্তু যাইতাম না।
মোবা। মই ভালে ভালে কৈছোঁ, তহঁত ইয়াৰ পৰা ওলা। নহ'লে কথা ভাল নহ’ব।
দ্বি, মৈ। আমি যাইতাম না! বেশী যদি ছুটৰ বটৰ কৰ তা অ'ইলে দুই এক আসামীয়া কাল্লা কাইটা পৰে যদি যায়।
মোবা। কি! অসমীয়াৰ গলা কাট! ধৰ ইহঁতক, বান্ধ।
( তৎক্ষণাৎ অসমীয়া ডেকাসকল হাবিৰ পৰা ওলাই দুই-তিনটাই একোটাকৈ মৈমনচিঙীয়াক ধৰে; হাতৰ দা কাঢ়ি লয় আৰু পিচলৈ হাতকৈ বান্ধে।)
যা, ইহঁতক লৈ যা; সৌ নৈৰ পানীত হাত-ভৰি বান্ধি পেলাই দে। তাতে সিহঁতে পানীৰ তলত মাটি দখল কৰক।
(ডেকাকেইজনে সিহঁতক টানে আৰু দুই-চাৰিটা চৰ-চাপৰ মাৰে।)
প্ৰ, মৈ। তোমৰা আমাৰে ছাইড়া দেও। আমি যায়েম গা।
মোবা। নাযাওঁ বুলিছিলি নহয়!
দ্বি, মৈ। আমি যে তোমাৰ লগে এত তৰ্কবাদ কৰ্ ছি মড়লেৰ কতাই। মড়ল যাবাই যাবাই কইছিন, হেই বাই বাংছি। এইডাৰ মদ্যে আমাৰ কি দোষ?
মোবা। মণ্ডল কিমান টকা দিলি?
তৃ, মৈ। টেহা-টুহা দিছি না।