মোবা। টকা দিয়া নাই! আকৌ মিছা কথা! এনেয়ে লোকৰ মাটি দেখুৱাই দিছে!
দ্বি, মৈ। পট্টা পাইলে দিবু কইৰা ক'ইছিন আমাৰে।
মোবা। হৈছে, হৈছে। আৰু নালাগে। এতিয়া যাবি নে নাযাৱ ক।
তিনিওটাই। যায়েম গাম।
মোবা। আকৌ ঘূৰি ইয়াত নোসোমাৱ?
তিনিওটাই। আৰ কুনু দিন আমি দহলেৰ মদ্যে আইতাম না।
মোবা। খোদাৰ কচম খা।
তৃ, মৈ। আমি এত কষ্ট কৰ্ লাম, তাৰ কি মইনা-খৰচ কিছু পাইতাম না?
লোক।(মোবাৰকক) কিছু দিয়া বোধ কৰোঁ বেয়া নহয়। কুলি লগালেও তো খৰচ পৰিলহেতেন।
মোবা। তোমালোকে লিখা-পঢ়া এনেয়ে শিকিলা। সিহঁতক বানচ দিলে আসৈ দিয়াহে হ'ব। সিহঁতে দিন-হাজিৰাৰ কাম কৰেই। এতিয়াও যদি সিহঁতে হাজিৰাটো পায়, তেনেহলে সিহঁতে এনে কাম কৰিবলৈ উছাহহে পাব, বোলে মাটি নাপালেও হাজিৰাটো পামেই। নাই, একো দিব নোৱাৰা। এনেবোৰ বিষয়ত দয়া-মায়াৰ কথা নাভাবিবাই। সিহঁতৰ আৰু বেচি হে শাস্তি হ'ব লাগিছিল। (মৈমনচিঙীয়াক) তহঁতে এক পাইও নাপাৱ। লোকৰ জমি বেদখল কৰাৰ বাবে তহঁতেহে দণ্ড দিব লাগে।