পৃষ্ঠা:পাপৰি.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গীতি-মালা

( ৪৩ )

পৰ্ব্বতৰ জীয়াৰী নিজৰ ঐ,
ভৈয়ামৰ মাজেদি আহিছ বৈ,
শিলনিৰ বুকুতে খলকনি তুলি
নিজৰি, নিজৰি যাৱ কলৈ?
অ' মোৰ নিজৰা-ঐ,
পাৰত তোৰ পীড়িতা. জয়াৰে কাহিনী,
শুনি ল আজলী, চাই যা ৰৈ।

(88)

সতীৰ সমাধি ভূমি তেজেৰে ৰাঙলী আজি,
তেজেৰে ৰাঙলী আজি, তৰলা তটিনী,
জেৰেঙ্গাৰ বিৰিণানি, চকুৰ পানীৰে ধোৱা
চকুৰ পানীৰে ধোৱা, কঁহুৱা বননি।
পতিব্ৰতা, অনুগতা, আজলী, অৱলা প্ৰাণ,
আজি নাই, আজি নাই, সিযে আজি অৱসান।
জয়াৰ বিজয়া দেহা, জেৰেঙ্গত জহি গ'ল
জয়া নাই, জয়া, নাই, আছে মাথো বিননি।