পৃষ্ঠা:পাপৰি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

( ৩২ )


হে’ৰ আহাৰৰ, কলীয়া ডাৱৰ
বলিয়া বাতৰি আনিছ কাৰ,
কোন বিৰহিণী, বিৰহত পৰি
নেওচি পেলালে সোণৰ হাৰ?
তাৰে জিলিকনি, জিলিকি জিলিকি,
মেঘৰ বুকুত বিজুলী চমকি,
প্ৰেমিকক দি ব্যথাৰ বাতৰি
বোৱাব খোজনে চকুলো ধাৰ?
হে’ৰ আহাৰৰ, কলীয়া ডাৱৰ,
বলিয়া বাতৰি আনিছ কাৰ?
শৰতৰ কত-শত সুধাকৰে,
শেৱালি পাহিতে চুমাটি দিলে,
ফাগুনী বতাহে, ৰূপহী নিশাত,
কত সপোনৰ সফুৰা নিলে।
আজি কিয় তোৰ, বুকুত বেদনা
বিশ্ব বিয়পা, অশ্ৰুভাৰ,
হে’ৰ আহাৰৰ, কলীয়া, ডাৱৰ,
বলিয়া বাতৰি আনিছ কাৰ?

—০—

[ ৬৭ ]