পৃষ্ঠা:পাপৰি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৪২ )


গধূলি বেলিকা য’ত নিদিয়েহি দেখা জোনে
 নাঢালে কেনিও ক’তো এধানি কিৰণ,
প্ৰকৃতি নিঠুৰা য’ত— দহে পোৰে অবিৰাম
 নবয় এছাটি ক’তো শান্তি সমীৰণ।

( 8৩ )


আছে যদি তেনে ঠাই, নাও খনি বাই বাই
 নিতউ তালৈকে’ সখি উটি গুচি যাম,
পদুম নুফুলে তাত, নুফুলে মালতী ফুল,
 তোমাৰ চানেকী আৰু তাততো নাপাম!

( 88 )


তোমাৰ শুৱলা সুৰ কোনে দিব সোঁৱৰাই
 নাই তাত ভোমোৰাৰ গুণ গুণ স্বৰ,
অপৰূপ ৰূপৰাশি দিব কোনে দেখুৱাই,
 নপৰে ৰূপৰ ৰেখা, নাই সুধাকৰ!

[ ১৫ ]