পৃষ্ঠা:পাপৰি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পপৰি

( ৩৯ )


যদিও কাণত বাজে এতিয়াও সেই ধ্বনি
 উটি অহা সেই গীত মৃদু-মলয়াত,
অনন্ত অসীম ভেদি যদিওবা আহি স্মৃতি
 নিঠুৰ আঘাত কৰে নিৰস হিয়াত;

( ৪0 )


তথাপিও চাম সখি পাৰোনে নোৱাৰো বাৰু
 স্মৃতিক ছাঁয়াৰে স'তে পেলাব মোহাৰি, .
উঠিবনে তেতিয়াও বিৰহৰ আৰ্ত্তনাদ
 জীৰ্ণ-শীৰ্ণ অন্তস্থল বিদাৰি বিদাৰি?

( ৪১ )


বিশাল বিশ্বত সখি, নাইনে কি এনে ঠাই
 নুফুলে মালতী য’ত নেপেলায় কলি,
শুনা নাই নাম য’ত কোনো কালে পদুমৰ
 নুফুৰে গুঞ্জৰি য'ত মৌ-লোভী অলি?

[ ১৪ ]