পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
চণ্ডিকাখান।

দুৰ্গতি নাশিনী চণ্ডী মাৱ জগতৰ।
দৈত্য গদা কৈলা ভস্ম হানি নিজ শৰ॥
অনন্তৰে পশু ধৰি নিশুম্ভ দুৰ্ম্মতি।
মহাকোপে যান্ত বীৰ চণ্ডিকাক প্ৰতি॥
পশু হাতে লৈয়া আসে নিশুম্ভ কুপিত।
দেখি চণ্ডী বাণ হানি পেলাইলা ভূমিত॥
মহাবলী অনুজক ভূমিত মুৰ্চ্ছিত৷
দেখি চণ্ডিকাক ধাইলা শুম্ভ আতি দুষ্ট॥
দেহ আতি ভয়ঙ্কৰ আঠ ভুজ তাৰ।
আকাশ মণ্ডল ব্যাপি শোভিলা শৰীৰ॥
আৰোহি ৰথত দৈত্য লৈযা নানা শৰ।
চণ্ডিকাৰ বধ আশে পশিলা ৰণত॥
সমাগত দেখি তাঙ্ক চণ্ডিকা গোসাণী।
শঙ্খনাদ ধনু শব্দ কৰিলা আপুনি॥
ঘণ্টা শব্দে দশদিশ লগাই খলক।
সমস্ত দৈত্য সেনাক দিলাহা চমক॥
অনন্তৰে দেবী সিংহ কৰি মহাশব্দ।
আকাশ পৃথিবী আৰু দিশ কৈলা স্তব্ধ॥
পাছে কালী ঝাম্প দিয়া পশি গগণত।
দুই হাতে ধৰণীত কৰিলা আঘাত॥