এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীশ্রীকৃষ্ণায় নমঃ
পদ্মপুৰাণ
স্বৰ্গ-খণ্ড
⸻
নাৰায়ণং নমস্কৃতং নৰঞ্চৈব নৰোত্তমং।
দেবীং সৰস্বতীং ব্যাস ততো জয়মুদিৰয়েৎ॥
পদ
জয় নমো নিজ ব্রহ্ম কৃষ্ণ ইষ্ট দেৱ।
তোমাৰ চৰণে কৰো লক্ষ কোটি সেৱ॥
শ্ৰীমন্ত শঙ্কৰ সন্তমূৰ্ত্তি অৱতাৰ ৷
তোমাৰ চৰণে কৰো কোটি নমস্কাৰ॥ ১
নমো মৎস্য কুৰ্ম্ম আদি অৱতাৰ যত।
প্ৰণামো মাধৱ আদি সমস্ত ভকত॥
অনন্ত কন্দলি আদি ভক্ত বিপ্ৰগণ।
প্রণাম কৰোহো পৰি সবাৰ চৰণ॥ ২