পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
পদ্মপুৰাণ

পদ

ব্ৰহ্মায়ে বোলন্ত স্তুতি কৰিয়া বিনয়।
উত্তম কীৰ্ত্তন প্ৰভু কিমতে হয়॥
ব্ৰহ্মাক সম্বোধি পাছে দেৱ নাৰায়ণ।
তোমাৰ অসাধ্য যিটো বেদৰ বচন॥ ২৩২
হৰি নাম নিজ ভকতৰ নিজ ধন।
প্ৰেমত মজিবে জপিবেক এক নাম॥
সাতে পাঞ্চে বেঢ়ি সবে একত্ৰ হোৱয়।
আনন্দতে মজি সবে কীৰ্ত্তন কৰয়॥ ২৩৩
উত্তম কীৰ্ত্তন সিটো জানিবা নিশ্চয়।
নিজ ভক্তি ভাগী হোৱে নাহিকে সংশয়॥
বহু সমাজক পাতি একত্ৰ হোৱয়।
অৰ্পণা কৰিয়া মনে সংকল্প কৰয়॥ ২৩৪
বহুজনো নানা ভাৱে কীৰ্ত্তন কৰয়।
যুগ ধৰ্ম্ম ভাগী হোৱে নাহিকে সংশয়॥
হাতে তাল ধৰি কৰে শ্ৰৱণ কীৰ্ত্তন।
মণ্ডল আকাৰে ভ্ৰমে হৰষিত মন॥ ২৩৫
মধ্যম কীৰ্ত্তন সতী জানিবা নিশ্চয়।
প্ৰেম ভক্তি ভাষী হোৱে নাহিকে সংশয়॥
মৃদঙ্গাদি বাদ্য ধৰি কৰয় কীৰ্ত্তন।
ভাৱ ভঙ্গি দেখাই কতো আনন্দিত মন॥ ২৩৬