পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পদ্মপুৰাণ

ঝুমুৰি

সাৰ্ব্বভৌম নাম লৈলো।
শাস্ত্ৰক কৰিলো সাৰ।
হৰিনাম মুখে নাই।
হৰি ভকতক পাই।
মুখতো নলৈলো নাম।
কিনো মই আত্মাঘাতী।
ভাৰ্য্যা পুত্ৰ ধন জন।
ইন্দ্ৰিয়ৰ মোহ চয়।
পৰ দ্ৰব্য পৰ ধন।
বিবাদ কলহে ৰতি।
পূৰ্ব্ব বাক্য হৈলা ভুল।
তৃষ্ণাত আস্ফালয়।
আশ তযু ভকতৰ।
ধৰো তযু চৰণত
সত্সঙ্গ কুলৰ মধু।
মুখে ৰৌক তযু নাম।
তযু পদ কমলত।
হৰি গুৰু বৈষ্ণৱত।
এহি মাগো নিতে প্ৰভু।
পাপৰ নিৰ্য্যাণ হোক।

শাস্ত্ৰ গৰ্ব্বে তল গৈলো॥
সিসে গৰ্ব্ব মহাভাৰ॥ ২২২
শাস্ত্ৰ সিন্ধু তল গই॥
নভজিলো মুখ চাই॥ ২২৩
নকৰিলো নিজ কাম॥
নভজিলো যদুপতি॥ ২২৪
তহিতে আকৃষ্ট মন॥
সদা মোৰ নুগুচয়॥ ২২৫
তাতে মজি সৰ্ব্বক্ষণ॥
আত্ম নষ্ট কৰো আতি॥২২৬
ভৱ সিন্ধু গৈলো তল॥
তৈতে মজি ৰৈলো ময়॥ ২২৭
নেভাঙ্গাহা গদাধৰ॥
দিয়োক ভকতি তত্ব॥ ২২৮
পিয়ায়োক জগদৱন্ধু॥
হৃদি ৰূপ অনুপাম॥ ২২৯
জীৱ ৰৌক অভিমত॥
ভক্তি হৌক মোৰ নিত্য॥২৩০
ভকতি নুগুচে কভু॥
হৰি হৰি ঘূষিয়োক॥ ২৩১