এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পদ্মপুৰাণ
চাৰিবৰ্ণ মাজে যিটো মোক ভক্তি কৰে।
অশেষ পাতক নাশি মোক্ষ লাভ কৰে॥
বেদ মন্ত্ৰ দেবাদিৰ যত মন্ত্ৰ চয়।
ব্ৰাহ্মণে দিবা জানা যোগ্যতা নোহয়॥ ৫১
আমাৰ অমূল্য যিটো ভক্তি ৰত্ন চয়।
অন্ত্যজেও ব্ৰাহ্মণক দিবাক পাৰয়॥
ইয়াত সংশয় ভৈল যিটো অজ্ঞানীৰ।
জানিবাহা ব্ৰহ্মা তাৰ ছেদ ভৈল শিৰ॥ ৫২
জাতি কুল বিচাৰিয়া বৈষ্ণৱ নিন্দয়।
পঞ্চম পাতকী হৈয়া নৰকে পৰয়॥
সাৰ্ব্বভৌম কবি ভট্টাচাৰ্য্য নাম যাৰ।
ৰাম ৰাম তৰা দুস্তৰ সংসাৰ॥ ৫৩
⸻
দুলড়ি
আত অনন্তৰে, কৈবো এক কথা,
গুৰুৰ লক্ষণ সাৰ।
পঞ্চ ভূত মূল, ব্ৰহ্ম মন্দ্ৰ কৰি,
দিবেক কৰি বিচাৰ॥
সমস্তে ভূতক, আত্মসম দেখি,
মনে হিংসা নকৰিব।
লাভালাভ সুখ, দুখকো নমানি,
সবাকো মোতে অৰ্পিব॥ ৫৪