পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

নিত্যানন্দ সি সবৰ বৈকুণ্ঠত স্থান।
নিজ ভকতৰ পদে কৰিছো নিৰ্ম্মাণ॥
সবে চতুৰ্ভুজ পৰমব্ৰহ্ম নিৰূপম।
পুণ্য ভাৱে ভক্তি জ্ঞান কৰোহো কীৰ্ত্তন॥ ৪৫
যদি তিনি ভক্তি গুৰু হেলাক কৰয়।
ভকতিত ভ্ৰষ্ট হুয়া সংসাৰে পৰয়॥
কহিলোহো বিধি ময় তোমাত সম্প্ৰতি।
মহেশ্বৰ আগে কৈলো ই সব ভকতি॥ ৪৬
বৈষ্ণৱ জনৰ আবে শুনিয়ো লক্ষণ।
মাতৃ সম দেখিবেক পৰ দাৰাগণ॥
বিষ্ঠাসম দেখিবেক পৰৰ দ্ৰব্যক।
আত্মাসম দেখিবেক সমস্ত ভূতক॥ ৪৭
বেদ যে ব্যৱহাৰ কৰ্ম্ম আচৰিব।
আন দেৱতাক নিনিন্দিব নবন্দিব।
মোহোক ভজিব মোৰ কীৰ্ত্তন আচৰি।
পৰম নিৰ্গুণ হৈবে কৈলো নিষ্ঠ কৰি॥ ৪৮
ইসব লক্ষণে বৈষ্ণবৰ ভাগী হয়।
মহা মোক্ষ দিওঁ তাক জানিবা নিশ্চয়॥
ইসব স্বভাৱ বৈষ্ণৱৰ যদি নাই।
যেন বেশ ধাৰী নটে টাটক খেলাই॥ ৪৯
শুনিয়োক ব্ৰহ্মা মোৰ ভকতৰ নয়।
বৰ্ণৰ বাহিৰ বিধি কিঙ্কৰ নোহয়॥
মোত বেদান্তত কৰি সিটো শ্ৰেষ্ঠতৰ।
মোৰ গুৰু সেহি জন শুনা সৃষ্টিকৰ॥ ৫০