পৃষ্ঠা:পচতি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
পচতি।

উচ্ছ কুচ বৃহত নিতম্ব কৃশ কটি।
পিন্ধি নেত সাৰী ফুৰে ব্ৰজত পৰ্য্যটি॥৩॥
কুণ্ডলৰ কান্তি চিকিমিকি কৰে কেশ।
সেহি ৰঞ্জি আছে মুখ-কমল বিশেষ॥
হাতত ফুৰায় পদ্ম বদন হসিত।
আসিলন্ত লক্ষ্মী যেন স্বামীক দেখিত॥৪॥
হাস্য লাস্য কটাক্ষে মোহিল যত গোপী।
নবাধয় কেৱে ৰূপ দেখি থাকে চুপি॥
পদুলি পদুলি ফুৰে চাৱালক চাই।
পশিল নন্দৰ ঘৰে নিবাৰন্তা নাই॥৫॥
দেখিলন্ত শিশুক সাক্ষাত আছে শুতি।
নজলন্ত বহ্নি যেন ভস্মে আছে পুতি॥
জগতৰ আত্মা হৰি জানি পূতনাক।
আখি মুন্দি ৰহিলা নুবুলি কিছু বাক॥৬॥
যাক খুজি ফুৰিবো হাততে পাইলোঁ তাক।
দেখাৱন্ত অতিশয় শিশুৰ চেষ্টাক॥
আছাৰন্ত ভৰি ভোকে কান্দন্ত শয্যাত।
দেখি নিশাচৰী হাঁসি মেলিলেক হাত॥৭॥
কৃষ্ণক নজানি গোৱালৰ শিশু বুলি।
দুই হাতে সাবটি কোলাত লৈলা তুলি॥
যেন মূঢ়ে জৰী বুলি ধৰিলেক সাপ।
নুবুজিলে একো জনে ৰাক্ষসীৰ কাপ॥৮॥