পৃষ্ঠা:নামতি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
-নামতি-


আই মোৰ বসিবক লাগি।
আই মোৰ আসন পাৰি থৈছোঁ
আই মোৰ শিৰেৰে ওপৰে তুলি॥

আই মোৰ আহতৰ গহতে
আই মোৰ আয়ে পুথি পঢ়ে
আই মোৰ গোপিনী কাকুতি কৰে॥

আই মোৰ গোপিনীৰ কাকুতিত
আই মোৰ ৰব নোৱাৰি
আই মোৰ আই আহি আসনত বহে॥

আসনত বহি আয়ে নমাই দিছে ভৰি
চৰণাঙে পৰি কান্দো বাগৰি বাগৰি॥

আসনত বহি আয়ে চতুদ্ধিকে চায়
অসুৰৰ পঞ্চ সেনা বিভঙ্গে পলায়॥

আসনত বহি আয়ে ফুলৰ ললে ৰেখা
পৃথিবীলৈ আহি আয়ে নৰক দিছে দেখা॥

আসনত বহি আয়ে আনন্দ কৰিছে
সোণৰ খৰিকালৈ নিৰ্ম্মালি বাচিছে॥

আসনৰ চৌপাশে এ চম্পা নাগেশ্বৰ
মলমলি গোন্ধাই আছে গোসানী সকল॥
দোৱাৰতে গুৱামালি ঘটত আমাৰ দালি
আসনত বহি আছে জীবৰ অধিকাৰী