পৃষ্ঠা:নামতি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
-নামতি-

কি দিয়া পৃজিবো আই কি আছে আমাৰ (হে জয় জয়
 ভগবতী ভবানী কামাখ্যা)
কি দিয়া কৰিবো সেৱা চৰণে তোমাৰ (জয় জয় ...)
পুস্প দি পূজিলো হেতেন ভোমোৰাই চুম্বিলেহে (জয় জয় ...)
জল দি পূজিলো হেতেন মাছে বিতালিনে (জয় জয় ...)
দুগ্ধ দি পূজিলো হেতেন বাচুৰে চুম্বলে হে (জয় জয় ... )
দ্ৰব্য দি পূজিলো হেতেন নেপালো বিচাৰি হে (জয় জয় ...)
মন দি পূজিলো হেতেন মনো নহয় থিৰ হে (জয় জয় ...)
দেহ দি পূজিলে হেতেন দেহে নহয় শুচি হে (জয় জয় ...)
ধন দি পূজিলো হেতেন আপোনাৰ আছে হে (জয় জয় ... )
যেই পুষ্পে পূজিব আই সেই পুষ্পেই চুৱা হে (জয় জয় ...)
নাম ধনেই পূজিম আই গধুলি পুৱা হে (জয় জয় ...)