পৃষ্ঠা:নগা কোঁৱৰ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অঙ্ক

প্ৰথম দৃশ্য

মানাহাৰ মুখ

[ঘাটত এখন নাও। পাৰত লেহেতীয়া আৰু ৰেণুকা।]

 ৰেণু--উদ্দেশ্য সিদ্ধ হবতে ককাই?

 লেহে—কেনেকৈ কম আই।

 ৰেণু—সৌৱা কোনোবা এজন আহিছে। আমাৰ ওচৰলৈকে কিজানি আহিছে!

 লেহে—আহক, ভাল হয় তেও ৰঙামাটি কিমান দূৰ সুধি লব পাৰিম।

[ছদ্মবেশী কাছিতাৰাৰ প্ৰবেশ।]

 ডাঙৰীয়া, আমাক এটি বাতৰি দিব পাৰেনে? ৰঙামাটি ইয়াৰ পৰা কিমান দূৰ?

 কাছিতাৰা--ৰঙামাটি! ৰঙামাটিত তোমালোক প্ৰয়োজন?

[ৰেণুলৈ চায়]

 লেহে—প্ৰয়োজন গোপনীয়।

 কাছি—[ ৰেণুলৈ চাই স্বগতঃ ] এই মুখখনি যেন চিনা চিনা।--মৰণ নহয় কত দেখিছিলোঁ!–[ একান্তে] লগত