পৃষ্ঠা:দৰবাৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )
দ্বিতীয়।— আমাৰ টিকিৰা পণ্ডিতৰ গাত বিচৌ বিচৌ গুণ আছে পাই।
হোঁ-হৰীলে বৈকুণ্ঠলৈ যোৱা কথাটো মোৰ মনে ধৰিছে।
তেওঁ মিছা কথা নকয়।
প্ৰথম।— ই, কেলৈ নকয় অ পুঠাও। হিদিনা মই পান এবিৰা গুণাই-

ছিলুং, নিদুং যা বুলি কলে পাই। হেইটো মিছা কথা নহল না?

তৃতীয় ।— এৰা মিছা নুবুলিলো আৰু তাক কি বুলিব পাৰিবি। গপ

বুলিবলৈও, মোৰ পভু দেৱক চিন্তি, তাৰ ঘৈণীয়েক জনী যেনেহে চোকা, হি কি গপ কৰিব।

চতুৰ্থ।— টিকিৰা পণ্ডিতে মিছা কথা নকয়, মই নপতিয়াং। হাস্তৰ,

ভাগৱত তেনেই তাৰ মুখতে লি-লি কৰি থাকে পাই, মুখ মেলিলেই হোপাই ওলাই আহে। কাণখোৱা পুথিখন এমুৰৰ পৰা গাবলৈ ধৰিলে ৰাইথ্‌ নাইকিয়া হয় নহয়- দেখা নাইনা, মানুহটো এহাতলৈ কেনেকৈ উঠি উঠি বহে।

প্ৰথম।— মোহা, হি কি হঁচা মানুহটো ওলাইছে। মোৰ গাঠিত

তামোল এবিৰা আছিলেই, পান এটাকে নিদিলে।

চতুৰ্থ।— তই একো নেজান অ’!
প্ৰথম।— তই ছলপাই গৈছ না কি, ইমান টান কথা কৈছ। নিচাওৱে

নেদেখিছিলি মুলুং মেলেছৰ পো হে বুলিছিল, তেও একো নেজান বুলি কোৱা নাই। তই বৰ নিৰ্গত মানুহ পাই।

চতুৰ্থ।— গোট-কাঠ, নেজান বুলিলেই লাজ পা। চাপৰি পাই ছল

বাইছ। কটা বন্দী!

প্ৰথম।— হঁচাই কৈছ না, আহ্‌, ককালে ককালে লাগুং।