পৃষ্ঠা:দৰবাৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ২১ )


মৰিয়া।— তৌবা, তৌবা! আমি মছলমান মানুহ। কেলৈ তেনে

কথা ক?

মৰিয়াণী।— কথাৰ মাত হে কৈছোঁ অ’ আমুকাৰ বাপেক। কচোন

হেৰ, তাত নো কি হব।

মৰিয়া।— তাত হেঁন্দুবোৰে বৰ হবা পাতিছে, পাই যিহে দীঘল-ডাঙ্গৰ

ৰভা পাতিছে, ইমূৰত যদি আমি হালখন পাতি ৰ্টৌ-কলহটো কুবিয়াওঁ, হি মূৰত তাৰ টাংটিং মাত নুহুনেই পাই। হবা খাবলৈ, মৰিয়াণী, পৰ্জা ঠাহ খাব। চাপৰিৰ কোবত হেঁন্দুবোৰৰ হাত একলেখীয়া হৈ যাব নহয় অ’।

মৰিয়াণী।— এ খোদাই, তলুৱা ফাটি তেজ নোলাৱনে?

মৰিয়া।--হিয়তে তলুৱাত মহৰ চাল একোচটা বান্ধি নিব নহয় অ’— হিয়ত জানো টেটৰ নহয়। আমাৰ মৰিয়া খন হে মুঠে হেবাং।

মৰিয়াণী।— নাম নো লগাই দিব কোনে, হে আমুকাৰ বাপেক?
মৰিয়া।— জিলাৰ বৰ চাহাবেই হেনো নাম লগাই দিব–মুন্সিপ্‌, চিৰদাৰ,

আমোলা খনে ফেনাফেন্কৈ নিব নহয়।

মৰিয়াণী।— হেৰ, তোক সোণামুৱা বুলিছোঁ, মোকো লৈ যা অ’। ময়ো

তেনে হলে যাম।

মৰিয়া।— বাৰু হে আৰু। তোক দেখোন, যাবি নে নেযাবি, হুদিছিলোঁৱেই।

মৰিয়াণী, পাক এটাকে দে, চাই যাওঁ—হবা চাবলৈ গাটো মোৰ ৰঞ্জিৎ ৰঞ্জিৎ কৰিছে।

মৰিয়াণী।— মোৰো পাই গাটো সাতখন আঠখন কৰিছে। নকৰিব নো

কেলৈ, চাচোন, আমি নো কেতিয়াবা এনে হবা আৰু দেখিবলৈ পাম নে? তই গীত এটাকে ধৰ্‌, মই নাচোঁ।”