পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিবেদন।

 মহাপুৰুষ দামোদৰ দেৱৰ জীৱনী লিখিবলৈ যোৱা মোৰ নিচিনা লোকৰ পক্ষে হাত মেলি স্বৰ্গ ঢুকিবলৈ যোৱাৰ নিচিনা। বিশেষতঃ এই পুথি লিখাৰ আগতে মই দামোদৰ দেৱৰ জীৱনী সম্পৰ্কে একো নাজানিছিলোঁ বুলিলেই হয়। নৰ্মাল স্কুলত পঢ়া সময়ত আসাম ছাত্ৰ সন্মিলনে, টিয়ক ছাত্ৰ সন্মিলনে আৰু নলবাৰী ছাত্ৰ সন্মি- লনে পুৰস্কাৰ ঘোষণা কৰি কেবাখনিও ৰচনা প্ৰতি যোগিতাৰ বাবে দিয়ে। পুৰস্কাৰৰ লোভত পৰি মই “কানিৰ অপকাৰীতা আৰু তাৰ নিবাৰণৰ উপায়” শিক্ষা প্ৰণালী অৰু তাৰ গুণ “আসামৰ বৰ্ত্তমান অৱস্থা" আৰু মহাপুৰুষ দামোদৰ দেৱৰ জীৱনী এই কেইখনি ৰচনাত হাত দিওঁ। প্ৰথমখন ৰচনা লিখি "আসাম ছাত্ৰ সম্মি- লন”ৰ পৰা ২০ টকা, দ্বিতীয়খন ৰচনা লিখি টিয়ক ছাত্ৰ- লম্মিলনৰ পৰা ১০ টকা আৰু তৃতীয়খন ৰচনা লিখি নলবাৰী ছাত্ৰ সম্মিলনৰ পৰা ৫ টকা পুৰস্কাৰ পাওঁ। কিন্তু দুখৰ বিষয় শৰীৰৰ অসুস্থতাৰ কাৰণে এখন অৰ্থাৎ গুৰুদেৱৰ জীৱনীখনি সম্পূৰ্ণকৈ সমাধা কৰিবলৈ নোৱাৰিলোঁ। সেই সময়ত মই যুত হৰিনাৰায়ণ দত্ত বৰুৱাৰ তাত থকা পুৰণা বাঁহী, আলোচনী, ঊষা, জোনাকী