এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
তাৰা
চন্দন— হয় দেউতা।
ৰঘূ— তাই এতিয়া কিমান দূৰ পাইছে।
চন্দন—লতেওঁ চাগৈ এতিয়াও ৰাজগড় পোৱাগৈ নাই। ঘোৰাৰে গলে আপোনাৰ দুখোজৰ বাটেই নহয়, তেওঁক অলপতে গৈ ধৰিব পাৰিব।
ৰঘু— বাৰু তই মোৰ কথা কাৰো আগত নকবি। এইবোৰ মোৰ ঘৰলৈ লৈ যা।
[ প্ৰস্থান। ]
চন্দন— যোৱা বোপাই, তাই ইমান পৰে নিশ্চয় দিল্লীৰ ওচৰত। যোৱা তোমাৰো ৰাজ্যৰ ভৱিষ্যৎ সুখ-ভোগ ইমানতে খতম। ভৱানীৰ কৃপাত যেন দুনাই ঘৰলৈ উভতি আহিব নালাগে।
[ প্ৰস্থান। ]
ষষ্ঠ দৰ্শন
ভাল গাঁৱৰ একাংশ
[ ভীল বালক-বালিকাবোৰ ]
—গীত—
মতা— জঙ্ঘল জঙ্ঘল ফুৰোঁ আমি চিকাৰ কৰি
মস্ত মস্ত ভালুক বাঘ গণ্ডাৰ ধৰি।
তিৰোতা— মিঠা চিৰাব খায়ে লে, যত পাৰ আজি
জঙ্ঘল ভিতৰ চলিয়ে যা বীৰ সাজে আজি।
মতা— দে, দে, দে, বঢ়িয়া চিৰাব পৰাণ ভৰি
জবৱৰ জবৱৰ পহু আজি আনিম ধৰি
জঙ্ঘল ২ … … … গণ্ডাৰ মাৰি।