পৃষ্ঠা:তাৰা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪০
৪০
তাৰা

৩০ তাৰা গুৰু – তেওঁক সন্তুষ্ট কৰিবলৈনো কি দিহা কৰিছা? পালিত—কি দিহা কৰিম? বোধকৰে। সময়ৰ লগে লগে মোৰ ওপৰত তেওঁৰ ক্ৰোধ দূৰ হব। যদি নহয় তেনেহলে কি কৰিম? মোৰ কপালৰ দোষ। গুৰু – ইমান দিনে চাগৈ মোগলৰ ৰাজত ৰামসিংহ আপোনালোকৰ ৰাজধানী পাইছেগৈ। আপুনিনো কি ভাবে? ৰণকে কৰিব নে কৰ দি মোগলৰ কৰতলীয়া হৈয়ে থাকিব? পালিত—আমাৰ সৈন্যবোৰ যেনে নতুন শিক্ষাৰে শিক্ষিত, ৰজা আৰু প্ৰজা যেনে স্বাধীনতা-প্ৰিয়, সেনাপতি যেনে কৰ্মদক্ষ ৰজাই যে পুনৰায় সম্ৰাটক কৰ দি তলতীয়া হৈ থাকিব, তেনেকথা হলে মোৰ মনে নধৰে। সম্ভৱ যুদ্ধ হব। গুৰু- সৌৱা দিলীৰ ৰা আহিছেই। [ দিণীৰ খাৰ প্ৰবেশ॥ বন্ধু, তোমাৰ মঙ্গলনে? পালিত--বন্ধু, তুমি বৰ সোণকালে আহিল। আশা কৰোঁ। তোমাৰ ঘৃণিত উদ্দেশ্য সিদ্ধি নোহোৱাৰ বাবেই আমি ইমান সোণকালে তোমাক দেখা পালে॥ দিলীৰ-বন্ধু, তোমাৰ প্ৰণয়িনীয়ে হলে ৰূপত মই দেখা সকলো তিৰোতাকে চেৰ পেলাইছে। পালিত---আশা কৰে। গুণতো? দিলীৰ--এয়া তোমাৰ চিঠি। ( চিঠি দিয়ে।) পালিত --বোধকৰে। ইয়াৰ মৰ্ম্ম ভাল? ( চিঠি পড়ে।) দিলীৰ----আশা কৰে॥ গুৰুদ:--তুমি তাত মোগল ৰাজদূতক লগ নাপালানে? দিলীৰ-ৰাজধানী পোৱাগৈ নাই।