পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
তাম্ৰেশ্বৰীৰ মন্দিৰ

গোঁহাইদেৱৰ জয়। ” জয়ধ্বনি থামিলত শদিয়াখোৱা গোঁহাইদেৱে কলে — “দেউৰীসকল! ষাঁড়ৰ বলিজনক মোৰ ওচৰলৈ আনা — মই তাক কেইষাৰমান কথা সেধে। ” গোঁহাইদেউৰ এই আদেশত দেউৰীসকলে আৰু বামাচাৰী তান্ত্ৰিকে ৰছি লগোৱা ধনেশ্বৰক লই আহিল। গোঁহাইদেৱে সুধিলে — “হেৰ ষাঁড়! তই গোসানীৰ আগত বলি যাবলৈ সাজু আছনে?” ধনেশ্বৰ — “দেউতা ঈশ্বৰ! মই সাজু নহওঁ। মই নিৰ্দ্দোষী — ৰাইজসকল মই নিৰ্দ্দোষী, মই আহোম — মোক এই তান্ত্ৰিকে আৰু লাংফায়ে অন্যায় কৰি, কুট চক্ৰান্ত কৰি বলিত পেলাইছে। ” এইদৰে ধনেশ্বৰে চিঞৰি চিঞৰি কোৱাৰ পিছতে শদিয়াখোৱা গোঁহাইৰ আদেশ অনুসৰি কমলেশ্বৰ গোঁহায়ে ৰাইজক কলে — “ৰাইজসকল! গল পৰহিয়েই দেও পৰীক্ষাটোত যে কুট চক্ৰান্ত হৈছিল, কাৰসাজি হৈছিল এই কথাটো আমাৰ দেউতা ঈশ্বৰে প্ৰমাণ পাইছে। ”

 শঃ খোঃ গোঁঃ — “হয় ৰাইজসকল! মই প্ৰমাণ পাইছো, পৰীক্ষা- টোত কাৰসাজি আছিল। ”

 বামাচাৰী তান্ত্ৰিক — “সেইটো কোনে প্ৰমাণ কৰিছিল?”

 কমলেশ্বৰ — “হেৰ বন্দী কটা বঙাল। তই দেউতা ঈশ্বৰৰ কথাত মুখে মুখে জবাব দিবলৈ সাহ পালিনে? সেইটো প্ৰমাণ অনেক ৰাইজৰ আগত বৈষ্ণবীয়ে কৰি দেখুৱাইছে। ”

 বামাচাৰী — “কৰ বৈষ্ণবী সেইজনী?”

 কমলেশ্বৰ — “যেনেকৈ তই কৰ বামাচাৰী, কি জাতিৰ, আগৰ কৰ মানুহ নাজানো, সেইদৰে আমিও বৈষ্ণবীৰ সম্পূৰ্ণ আতি-গুৰি নাজানো যদিও আমি এইটো জানো যে তেওঁ আগৰ অসমৰে জীয়ৰী। ”

 শঃ খোঃ গোঁঃ — “মই এই বলিক মুক্ত কৰিলোঁ দেউৰীসকল! তাক এৰি দিয়া। ”

 শঃ খোঃ গোঁহাইদেৱৰ এই আদেশত বামাচাৰী তান্ত্ৰিকে গৰ্জ্জি চক পকাই কলে :— “তামাৰ মাইৰ বলিক এৰি দিবলৈ কাৰ সাধ্য আছে? দেউৰীসকল ধৰ এওঁক বলেৰে লৈ যাওঁ। ” তেতিয়া দেউৰীসকলে আৰু বামাচাৰীয়ে ধনেশ্বৰক টানি নিব ধৰিলে। বামাচাৰী উন্মত্ত আৰু ধনেশ্বৰৰো প্ৰাণৰ মায়া — ধনেশ্বৰ এফালে আৰু বামাচাৰী আন ফালে, দেউৰীসকল উভয় ফালৰ ভিতৰত ইমান জোতাপোতা লাগিল যে দেখি ৰাইজ স্তম্ভিত অবাক। অকল এটা চুতীয়াৰ লৰা