পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
তামেশ্বৰীৰ মন্দিৰ

 “আই! মই সৰুৰে পৰা এই তামাৰ মাইৰ ঘাই বৰ-দেউৰীজনাৰ জীয়েক আঘণী নামৰ গাভৰু জনীক ভাল পাই আহিছোঁ সম্ভবতঃ তাইও মোক ভাল পায়, কিন্তু তাইক বাপেকে এটা সিহঁতৰ জাতিৰে দেউৰী ডেকালৈ বিয়া দিব খুজিছে। কিন্তু তাই তাত অমান্তি। মইও দেখোন তাইক পাহৰিব নোৱাৰোঁ। এইটো যদি মোৰ পাপ হয় তেন্তে মোৰ আৰু আন উপায় নাই। ”

 বৈষ্ণবী — (হুমুনীয়াহ এটা কাঢ়ি) “বাবা! তই যদি সেই গাভৰুক অকপট চিত্তেৰে ভাল পাৱ, আৰু তাইৰো প্ৰেম যদি পৱিত্ৰ, অৰ্থাৎ তাই যদি সতী, তেন্তে তাইক তই ভাল পোৱাত পাপ হব নোৱাৰে। তোৰো তাইলৈ প্ৰেম পৱিত্ৰ আৰু নিঃস্বাৰ্থ বিধৰ হব লাগিব। তেনেহলে সাবিত্ৰীৰ সতীত্বে সত্যবানক ৰক্ষা কৰাৰ দৰে, তাইৰ পৱিত্ৰ প্ৰেমেও তোক ৰক্ষা কৰাত সহায় কৰিব; কিন্তু আচলকৈ তই যদি ভক্তিভাবে ঈশ্বৰত খাট, ঈশ্বৰত বিশ্বাস ৰাখ, তেন্তে ঈশ্বৰেহে তোক ৰক্ষা কৰিব; কিয়নো সঙ্কটত তেওঁ সৰ্ব্ব বিঘ্নহাৰী মধুসূধন। ”

 ধনেশ্বৰ — “বাৰু আই! কওকচোন ঈশ্বৰটোনো কেনেকুৱা। ”

 বৈষ্ণবী — “বাবা! বেলি হল। আজিলৈ তই যাগৈ। উৰ্দ্ধ- বাহু আৰু বৰাগীৰো স্নান কৰি আহিবৰ সময় হৈছে। তই কাইলৈ পুৱাও এইদৰে আহিবি। মই তেতিয়া তোৰ কথাৰ উত্তৰ দিম। ”

 বৈষ্ণবীৰ এই কথাত ধনেশ্বৰে বৈষ্ণবীক সেৱা এটা কৰি উঠিল; আৰু খৰি-খেৰ গোটাই দি ঘৰলৈ গল! আৰু ভাত-পানী খাই আহুতলীলৈ টঙি ৰখিবলৈ গল।

 ধনেশ্বৰহঁতৰ গাওঁখন চুনপোৰ নৈৰ পাৰত শদিয়াখোৱা গোহাঁইৰ নগৰৰ পৰা প্ৰায় আধা মাইল উত্তৰত আছিল। সিহঁতৰ গাওঁখানৰ উজনিত গাতে লগাকৈ দেউৰী গাওঁ খন আছিল। এই দুখান গাৱঁৰ পূব ফালে এখান আহুতলী পথাৰ আছিল। পথাৰৰ উত্তৰ আৰু পূবে অটব্য অৰণ্য আছিল। সেই পথাৰত তিনিখন চাৰি হাত মান ওখ চাঙ তিনি ঠাইত আছিল। এখান চাঙৰ ওপৰত এজনী পোন্ধৰ কি যোল্ল বছৰ বয়সীয়া গাভৰু আছিল, আন এখানত প্ৰায় একুৰি দুবছৰ বয়সীয়া দেউৰী ডেকা এজন আছিল! তৃতীয় খান চাঙ ধনেশ্বৰৰ