পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
অসমৰ শিলৰ ফলি৷

পাৰে সেই বিষয় এখন বৰ বিবাদ লাগে। সেই বিবাদ মিতমাত হলত গোচৰৰ বিচাৰ পাহাৰৰ গাত লিখি থোৱা হল৷ গুপ্তাব্দ ৫১০ (খৃঃ ৮২৯-৩০)। অসমত শকাব্দহে চলে। এই ফলিখনত কিন্তু গুপ্তাব্দ লিখা আছে, আৰু এয়ে ইয়াৰ বিশেষত্ব। আজিলৈকে আবিষ্কৃত হোৱা ফলিৰ ভিতৰত এইখনেই আটাইতকৈ প্ৰাচীন।

 * কাণাই বৰশীবোৱা শিলৰ গদ্যখনত লিখা আছে যে ১১২৭ শকত চ’ত মাহৰ ১৩ দিন যোৱাত তুৰুক সৈন্যবিলাক কামৰূপলৈ আহি ক্ষয় প্ৰাপ্ত হল। এই ফলিখনে বখতিয়াৰ খিলিজিৰ আক্ৰমণ সম্ভবতঃ উল্লেখ কৰে আৰু সেয়ে হলে যি বক্তিয়াৰ খিলিজিয়ে আন আন ঠাইত জয়লাভ কৰিছিল, সেই বক্তিয়াৰৰ অসমত পৰাজয় ঘটিছিল। এইখন ১২০৫ খৃষ্টাব্দৰ।

 আহোমৰ ৰাজত্বৰ শিলৰ ফলি বহুত। আজি- লৈকে মন্দিৰৰ গাৰ একৈশখন, পৰ্ব্বতৰ গাৰ পাঁচখন, পুখুৰীপাৰৰ দুখন আৰু বিশেষ ঘটনা নিৰ্দ্দেশক ঠাইত ছয়খন ফলি পোৱা গৈছে। এই ফলিবোৰৰ কোনখন কোন ৰজাৰ দিনৰ তাক তলত দেখুৱা হল।


* শাকে তুৰগ যুগ্নেশে মধুমাস ত্ৰয়োদশে
কামৰূপং সমাগত্য তুৰুস্কাঃ ক্ষয়মাজজুঃ। ১৯২৭