পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
তত্ত্ব আৰু তথ্য৷

ধৰিলেও ফলিবোৰ দুই শ্ৰেণীত বিভক্ত কৰিব পাৰি। যেনে :—

 (১) আহোমৰ দিনৰ আগৰ ফলি।

 (২) আহোমৰ দিনৰ ফলি।

 আহোমসকল অসম দেশলৈ ত্ৰয়োদশ শতাব্দীত আহে। এই শতিকাৰ আগ ডোখৰত লিখা ফলিক, আহোমৰ দিনৰ আগৰ ফলি, আকৌ আহোম ৰাজত্বত লিখা ফলিক আহোমৰ দিনৰ ফলি বুলিব পাৰি। প্ৰথম বিভাগৰ ফলি বা গদ্য মুঠতে দুখন হে পোৱা গৈছে৷ এখন তেজপুৰ নগৰৰ দুমাইল ভাটিত এটা পাহাৰত আৰু আইনখন উত্তৰ গুৱাহাটীৰ কাণাই বৰশী বোৱা শিলত। * তেজপুৰৰ ফলিখনৰ পাঠ উদ্ধাৰ সম্পূৰ্ণ- ৰূপে হৈ উঠা নাই। এসময়ত জলকৰ দিওঁতা কৈবৰ্ত্ত সম্প্ৰদায়ৰ মাজত ব্ৰহ্মপুত্ৰৰ কোন সুতিয়েদি নাও যাব


 * ৺৭ স্বস্তি হরূপেশ্বৰ পুৰাবস্থিত স্বভূজ বল (মদ) দৰ্প গৰ্ব্বিত মহা- ৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক পৰমেশ্বৰ শ্ৰীহৰ্জ্জৰবৰ্ম্মদেবস্য বৰ্দ্ধমান বিজয়ৰাজ্যে মহাসামন্ত সেনাধ্যক্ষ শ্ৰীসুচিত্ততস্য অধিকাৰদিনে কৈবৰ্ত্ত নৌকা- কাৰ স্বভাক্ষসাধিনী নৈৰজ্জা তস্য নৌকাজুসি শুদ্ধব্যৱহাৰ (শ্চাদ্ভুত) তত্ৰ নৈৰজ্জা কোনহি তৎপ্ৰবিষ্টঃ সাবৰ্ণি সুচিতস্ৰাহ দক্ষ ভট্টজিউ দিনজিউ লাহিলী ঝ দক্ষদিগ্ধসিদলা কৰবা ইত্যতে বলাধ্যক্ষা সামন্তশীলা কটকে বলীয়া পক্ষকুল শঙ্কৰ ভট্টপুত্ৰ সোমদেবাদয়ঃ।

 ভূক্ তুদ্ৰিক সীমাকৃত প্ৰাকসলীন ক্ষাৰ ভক্ষ ভুমিভাগে পশ্চিম্য়াং বৰযোশয়াখ্যাং প্ৰবৰ ভূমিত্য বৰ পৰ্ব্বত উত্তৰদ্বহি ব্যাহত্যহে স্যাবনং কৰোতি তস্য পঞ্চ বৃত্তিকা গৃহিতব্যমিতি। গুপ্তাব্দ ৫১০।