পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
অসমৰ পুৰণি বৰতোপ৷

দীঘলে ৩ ফুঃ ৬ ইঃ। ইয়াৰ গাৰ বেৰ ১০ইঃ আৰু ভিত- ৰৰ চুঙ্গাৰ বেৰ ৪ ইঃ। বৰতোপটো কাঁহৰ। ইয়াৰ মুখখন বাঘৰ আকৃতিবিশিষ্ট। ইয়াৰ গাত এইদৰে লিখা আছে :—

 “শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ সৌমাৰেশ্বৰ পাৰ্ব্বতনগৰোদ্ভৱ মহাৰাজাধিৰাজেন কৃতং শাকে ১৫৯৯।”

 অৰ্থাৎ শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ সৌমাৰেশ্বৰ মহাৰাজা- ধিৰাজে এই বৰতোপটো কৰালে। শক ১৫৯৯। এই পাঠৰ “পাৰ্ব্বতনগৰোদ্ভৱ” বাক্যটীৰ অৰ্থ ভালকৈ কৰিব পৰা হোৱা নাই।

(৬) ১৬০৪ শকৰ বৰতোপ।

এই একে শকৰ তিনিটা বৰতোপ পোৱা গৈছে।

(৭) প্ৰথমটো

 লক্ষীমপুৰৰ ডেপুটী কমিচনাৰৰ বঙলাৰ সন্মুখত আছে। ইয়াত এইদৰে লিখা আছে:-

 “শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ সৌমাৰেশ্বৰ গদাধৰসিংহেন জবনং জিত্বা গুবাকহট্টামিদমস্ত্ৰম্ প্ৰাপ্তম্ শাকে ১৬০৪।”

 অৰ্থাৎ শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ সৌমাৰেশ্বৰ গদাধৰ সিংহই যবনক জয় কৰি গুৱাহাটীত এই অস্ত্ৰ পালে। শক ১৬০৪।