পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰকৃতি।

প্ৰকৃতিৰপৰা নীতি, প্ৰকৃতিৰপৰা উপদেশ টানি লয়। এই বিধ কবি প্ৰথম বিধ কবিতকৈ চৰা। এইবিধ কবিৰ মতে প্ৰকৃতি শিক্ষাৰ আদৰ্শ, প্ৰকৃতি শিক্ষাৰ কেন্দ্ৰস্থল।

 কিন্তু প্ৰকৃতিৰ সেৱক হৈ যিসকলে ধৰ্ম্মবীৰ নাম পায় তেওঁলোকৰ ভেদ অভেদ নাই; তেওঁলোকৰ শ্ৰেণী অশ্ৰেণী নাই। তেওঁলোকক প্ৰকৃতিৰ অংশীদাৰ বুলিব পাৰি। তেওঁলোক দুখ সুখৰ সমভাগী। প্ৰকৃতিৰ সুখত ইসকলৰ পৰাণ নাচি উঠে, মন প্ৰাণ পুলকিত হয়। ইসকলে প্ৰকৃতিত ঈশ্বৰ দেখে। ইসকলে ভাৱে প্ৰকৃতি ঈশ্বৰ সৃষ্ট, মানৱো ঈশ্বৰ সৃষ্ট। প্ৰকৃতিক যি চিৰ সুখ বঞ্চিবলৈ দিছে মানৱকো সেই চিৰ সুখ বঞ্চিবলৈ দিছে। কিন্তু প্ৰকৃতিয়ে সদায় ক্ৰমাগত সুখ ভোগ কৰে, মানৱে নকৰে। মানৱে যে সুখ ভোগ কৰিব নোৱাৰে তাৰ আন একো কাৰণ নাই। মানৱে কেৱল আপোন গুণে, আপোন দোযে সেই সুখৰপৰা নিজক নিজে বঞ্চিত কৰে। মানৱ অতি সাংসাৰিক। মানৱৰ দুখ নিবাৰণৰ অৰ্থে মানৱক অমিয় সুখত মগ্ন ৰখাৰ অৰ্থে, মানৱৰ মুক্তিমাৰ্গৰ পথ আবিষ্কাৰৰ অৰ্থে ইসকল সদা তৎপৰ। ইসকলে প্ৰকৃতিৰ সুগভীৰ, সুনীতিপূৰ্ণ উপদেশেৰে নিজক শিক্ষিত কৰি মানৱৰ মুক্তিৰ অৰ্থে ধৰ্মধ্বজা হাতত লৈ দেশ বিদেশ ভ্ৰমণ কৰে। ভাৰতৰ ধৰ্ম্ম আকাশৰ বুদ্ধ ইইয়াৰ জলন্ত দৃষ্টান্ত। বুদ্ধই প্ৰকৃতিৰ কাম্য বনত সিদ্ধাৰ্থ নাম লভিছিল।